“পৰিত্ৰ শ্রী মদ দেবী মহা পুৰাণত সৃষ্টি ৰছনাৰ প্ৰমাণ”

ব্রহ্মা, বিষ্ণু আৰু শিৱৰ মা-দেউতা”

(দূর্গা আৰু ব্ৰহ্মৰ মিলনৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ জন্ম)

পবিত্র শ্রী মদদেবী মহাপুৰাণ তৃতীয় স্বন্ধ, অধ্যায় ১-৩ (গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্রকাশিত, অনুবাদ কর্তা- শ্রী হনুমান প্রসাদ পোদ্দাৰ আৰু চিমন লাল গোস্বামী, পৃষ্ঠা নং১১৪ ৰ পৰা। পৃষ্ঠা ১১ ৰ পৰা ১১৮ লৈকে ভবানীক সম্পূর্ণ মনোকামনা পূর্ণ কৰিব পৰা শক্তি বুলি বহুতো আচার্য্য সকলে উল্লেখ কৰিছে। তেওঁক প্রকৃতি বুলিও জনা যায়। ব্ৰহ্মৰ লগত তেওঁৰ সম্বন্ধ অভিন্ন, অর্থাৎ পতি পত্নীৰ সম্বন্ধ আছে, তেওঁ ব্ৰহ্মৰ অর্ধাঙ্গীনী অর্থাৎ দুর্গা ব্ৰহ্মাৰ পত্নী। এখন ব্রহ্মাণ্ডৰ সৃষ্টি বছনা কেনেকৈ হ’ল বুলি ৰজা পৰীক্ষিতে শ্রী ব্যাস দেৱক সোধাত তেওঁ এই প্রশ্নৰ উত্তৰ জানিবৰ বাবে শ্রী নাৰদক প্রশ্ন কৰিলে যে এই ব্রহ্মাণ্ডৰ উৎপত্তি কেনেকৈ
হৈছিল। শ্রী ব্যাস দেবব প্রশ্নৰ উত্তৰত শ্রী নাবদে কলে যে এই প্রশ্ন তেওঁ তেওঁৰ পিতা শ্রী ব্রহ্মাক সুধিছিল। তেওঁ শ্রী ব্রহ্মাক কৈছিল “হে পিতা এই ব্রহ্মাণ্ডৰ বছনা আপুনি কৰিলে নে, শ্রী বিষ্ণু অথবা শ্রী শিবই কৰিলে। মোক সচাঁ উত্তৰ দিব”। তেতিয়া নাৰদৰ পুজা পিতা শ্রী ব্রহ্মাই কলে, “পুত্র নাবদ, মই নিজকে পদ্মম ফুলৰ ওপৰত বহি থকা অৱস্থাত পাইছিলোঁ। মই জনা নাছিলো এই বিস্তীর্ণ জলৰ মাজত মই কৰ পৰা উৎপন্ন হলোঁ। এক হাজাৰ বছৰ ধৰি পৃথিবীৰ অনুসন্ধান কৰিলোঁ, কিন্তু এই, জল ৰাশিৰ কোনো সীমা নাপালোঁ। আকৌ আকাশবাণীৰ যোগেদি মই তপস্যা কৰিবলৈ নির্দেশ পালো। এক হাজাৰ বছৰ ধৰি তপস্যা কৰিলোঁ। আকৌ সৃষ্টি কৰিবলৈ আকাশবাণীৰ যোগেদি আদেশ পালোঁ। ইমানতে মধু আৰু কৈটভ নামেৰে দুজন ৰাক্ষস আহিল। তেওঁ লোকক দেখি ভয়তে মই পদ্‌ম ফুলৰ ঠাৰিত ধৰি তললৈ নামিলো। তললৈ আহি দেখিলোঁ যে ভগৱাণ বিষ্ণু শেষনাগৰ শয্যাত অচেতন হৈ পৰি আছিল। তেওঁৰ শৰীৰৰ পৰা এজনী স্ত্রী (প্রেত হিচাপে সোমাই থকা দুর্গা) ওলাল, লগে লগে তাইক আকাশত আভূষনেৰে অলঙ্কৃত হৈ থকা দেখা গ’ল। তেতিয়া বিষ্ণু ভগবানে চেতনা ঘুৰাই পালে, এতিয়া মই আৰু বিষ্ণু দুজন তাত আছিলোঁ। ইমানতে আকৌ ভগৱান শঙ্কৰ তাত উপস্থিত হ’ল। দেৱীয়ে আমাক বিমানত বহুৱাই ব্রহ্ম লোকলৈ লৈ গ’ল। তাত এজন ব্রহ্মা, এজন বিষ্ণু, আৰু এজন শিরক দেখা পালোঁ আকৌ এজনী দেরীক দেখিলোঁ। দেৱীক দেখি বিষ্ণুরে বিবেচনা কৰি তলত দিয়া ধৰনে বর্ণণা কৰিলে” (কাল ব্রহ্মাই ভগবান বিষ্ণুৰ চেতনা জাগ্রত কৰি দিলে, তেওঁৰ নিজৰ বাল্য কালৰ কথা মনত পৰিল, তেতিয়া বালা কালৰ কথা কৈ শুনালে)

ভগবান বিষ্ণুরে শ্রী ব্রহ্মা আৰু শ্রী শিরক এইদৰে কলে, “এই জনী দেৱী আমাৰ তিনিওঁৰে মাতু, এওঁবেই জগতজননী, প্রকৃতি দেবী হয়। মই এই গৰাকী দেৱীক মোৰ শিশু অৱস্থাত দেখা পাইছিলোঁ, এওঁ মোক দোলা বিছনাত ওমলাইছিল।

তৃতীয় স্কন্ধৰ ১২৩ পৃষ্ঠাত শ্রী বিষ্ণুরে শ্রী দুর্গা দেবীৰ স্তুতি কৰি কৈছে “আপোনাৰ

স্বরূপ পরিত্র, এই সকলো সংসাৰ আপোনাৰ দ্বাৰাই উজ্জ্বলিত হৈ আছে, মই (বিষ্ণু) ব্রহ্মা

আৰু শঙ্কৰ আমি সকলো আপোনাৰ কৃপাতহে বিদ্যমান হৈ আছোঁ। আমাৰ আবিভার। জন্ম।

আৰু তিৰোভাব (মৃত্যু) হয় অথাৎ আমি তিনিও দেৱতা নাশরান। কেবল আপুনিয়ে

নিত্যা অবিনাশী), জগত জননী, প্রকৃতি দেবী হয়”।

তেন্তে তেওঁৰ পিছত উৎপন্ন হোবা ব্রহ্মাও আপোনাৰ সন্তান হয়। তেতিয়াহলে মই তমোগুণী লীলা কৰোঁতা শঙ্কৰ কেনেকৈ আপোনাৰ সন্তান নহও অৰ্থাৎ মোৰ উৎপত্তি কৰ্ত্তাও আপুনি হয়।

বিবেচনা কৰকঃ-ওপৰৰ বিৱৰণৰ পৰা সিদ্ধ হ’ল যে ব্রহ্মা, বিষ্ণু আৰু শিৱ তিনিও বিনাশী। এওঁলোক মৃতুঞ্জয় (অজব -অমৰ) বা সৰ্বেশ্বৰ নহয় আৰু দুর্গা (প্রকৃতি)ৰ পুত্ৰ হয় আৰু ব্রহ্মা (কাল-সদাশিব) এওঁলোকৰ পিতা হয়।

তৃতীয় স্কন্ধৰ ১২৫ পৃষ্ঠাত উল্লেখ আছে যে ব্রহ্মাই দুর্গাক সুধিলে, “হে মাতা, বেদত উল্লেখিত ব্রহ্ম আপুনি নিজেই অথবা অন্য কোনো প্রভু হয়?” ইয়াৰ উত্তৰত দুর্গাই কৈছে যে দুর্গা আৰু ব্রহ্ম একেই প্রভু। আকৌ এই স্কন্ধৰ ৬ অধ্যায়ৰ ১২৯ পৃষ্ঠাত দুর্গাই কৈছে-“এতিয়া মোৰ কাৰ্য সমপন্ন কৰিবলৈ বিমানত বহি তোমালোক শীঘ্ৰে প্রস্থান কৰা। কোনো কঠিন কার্য কৰিব লগা হলে মোক স্মৰণ কৰিবা, মই সন্মুখত উপস্থিত হম। হে দেৱতাসকল, মোৰ (দুর্গা) আৰু ব্ৰহ্মৰ ধ্যান তোমালোকে সদায় কৰি থাকিবা। আমি দুজনক স্মৰণ কৰি থকিলে তোমালোকৰ কাৰ্য সিদ্ধ হোৱাত তিলমানো সন্দেহ নাথাকিব।

ওপৰৰ ব্যাখাৰ পৰা স্বতঃসিদ্ধ হল যে দুর্গা (প্রকৃতি) আৰু ব্রহ্ম (কাল) তিনিও

দেৱতাৰ মাতা পিতা হয় আৰু ব্ৰহ্মা বিষ্ণু আৰু শিৱ বিনাশী হয়, পূর্ণ শক্তিযুক্ত নহয়। তিনিও দেৱতাৰ (ব্রহ্মা, বিষ্ণু, শিব) বিবাহ দুগহি (প্রকৃতি দেৱী) কৰালে (তৃতীয় স্কন্ধৰ ১২৮-১২৯ পৃষ্ঠাত)

গীতা অধ্যায় নং ৭ ৰ শ্লোক নং ১২

য়ে, চ এব, সাত্বিকা, ভাবাঃ ৰাজসাঃ, তামসা, চ, য়ে

মতঃ এব, ইতি তান বিদ্ধি ন তু অহম, তেষু, তে, ময়ি

অনুবাদঃ (সাত্বিকা) সতগুণী বিষ্ণুৰ পৰা (য়ে) যি স্থিতি (ভাবা) ভাব হয় (চ) আৰু (ৰাজসা) ৰজোগুণী ব্ৰহ্মাৰ পৰা (য়ে) যি উৎপত্তি হয় (চ) আৰু (তমসা) তম গুণ শিৱৰ পৰা (এব) সংহাৰ হয় (তান) সেই সকলোবোৰ তুমি (মত এব) মোৰ দ্বাৰা সুনিয়োজিত নিয়ম অনুযায়ী হোৱা (ইতি) বুলি (বিদ্ধি) জানিবা (তু) কিন্তু প্রকৃততে (তেষু) সেই বিলাকত (অহম) মই আৰু (তে) সেইবিলাক (ময়ি) মোত (ন) নাই।

“পবিত্ৰ শিৱ মহাপুৰাণত সৃষ্টি ৰছনাৰ প্ৰমাণ”

(কাল ব্ৰহ্ম আৰু দুৰ্গাৰ পৰা বিষ্ণু, ব্ৰহ্মা আৰু শিৱৰ উৎপত্তি) ইয়াৰ প্ৰমাণ গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত, শ্রী হনুমান প্রসাদ গোদ্দাৰৰ
দ্বাৰা অনুবাদিত পবিত্র শ্রী শিৱপুৰাণৰ ষষ্ঠ অধ্যায়ৰ ৰুদ্ৰ সংহিতা ১০০ নং পৃষ্ঠাত আছে। উল্লেখ আছে যে যিজন মুর্ত্তি বহিত পৰব্ৰহ্ম৷ তেওঁৰ মুৰ্ত্তি হল ভগবান সদা শিৱ। এওঁৰ শৰীৰৰ পৰা এটা শক্তি ওলাল, সেই শক্তি অম্বিকা, প্রকৃতি (দুর্গা), ত্রিদের জননী (ব্রহ্মা, বিষ্ণু আবা শিৱক জন্ম দিয়া মাতৃ) বুলি বিখ্যাত হল। এওঁৰ আঠখন হাত আছে। যি জন সদাশিৱ, তেওঁক শির, শম্ভু আৰু মহেশ্বৰ বুলি কোৱা হয়। (পৃষ্ঠা নং ১০১) তেওঁ নিজৰ সকলো অঙ্গত ছাই সানি থাকে। সেই কালৰূপী ব্ৰহ্মই শিৱলোক নামৰ এটা ক্ষেত্ৰৰ নিৰ্মাণ কৰিলে। তাৰ পিছত দুয়োমিলি পতি-পত্নী ব্যৱহাৰ কৰাত এজন পুত্ৰ উৎপন্ন হল। তাৰ নাম বিষ্ণু থলে। (শিৱ পুৰাণ ১০২ পৃষ্ঠাত)

আকৌ ‘ৰুদ্ৰ সংহিতা’ ৰ সপ্তম অধ্যায়ৰ ১০৩ পৃষ্ঠাত ব্ৰহ্মাই এই বুলি কোৱাৰ উল্লেখ আছে যে তেওঁৰ উৎপত্তি ও ভগৱান সদাশিৱ (ব্রহ্মকাল) আৰু প্রকৃতি (দুর্গা) ব সংযোগৰ পৰা অৰ্থাৎ পতি-পত্নী ব্যৱহাৰৰ পৰা হৈছে। জন্মৰ পিছতে তেওঁক অচেতন কৰা হৈছিল বুলি ব্রহ্মাই উল্লেখ কৰিছে।

আকৌ ৰুদ্ৰ সংহিতাৰ নৱম অধ্যায়ত ১১০ পৃষ্ঠাত উল্লেখ কৰা মতে ব্রহ্মা, বিষ্ণু আৰু ৰুদ্র এই তিনিও দেৱতাৰ গুণ আছে, কিন্তু শিৱ (কাল-ব্রহ্ম) ক গুণাতীত বুলি কোৱা হৈছে।

ওপৰৰ বিৱৰণৰ পৰা চাৰিটা কথা প্রমাণিত হল। সদাশিৱ (কাল ব্রহ্ম) আৰু প্রকৃতি (দুর্গা) ৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ উৎপন্ন হল। তিনিও ভগৱানৰ (ব্রহ্মা বিষ্ণু, শিব) মা শ্রী দুর্গা আৰু পিতা শ্রী জ্যোতি নিৰঞ্জন (ব্রহ্ম) হয়। এই তিনিজন প্রভুৱেই ৰজগুণ ব্রহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ হয়।

“পবিত্র শ্রী মদভাগবত গীতাত সৃষ্টি বছনাৰ প্ৰমাণ”

ইয়াৰ প্ৰমাণ পবিত্র গীতা শাস্ত্ৰৰ চতুদর্শ অধ্যায়ৰ শ্লোক নং ৩ ৰ পৰা ৫ লৈকে আছে। ব্রহ্মাই কৈছে যে প্রকৃতি (দুর্গা) তেওঁৰ পত্নী হয়, তেওঁ (ব্রহ্ম/কাল) দুৰ্গাৰ পতি হয়। ব্রহ্মই কৈছে যে তেওঁলোক দুয়োৰে সংযোগৰ পৰা সকলো প্ৰাণীৰ লগতে তিনি গুণৰ (ৰজগুণ, ব্রহ্মা, সতগুণ বিষ্ণু, তমগুণ শিব) উৎপত্তি হৈছে। ব্রহ্মই আকৌ কৈছে- “মই সকলো প্রাণীব পিতা আৰু দুর্গা মাতা। দুর্গাৰ গৰ্ভত মই বীজ স্থাপন কৰো, যৰ পৰা সকলো প্ৰাণী উৎপত্তি হয়। প্রকৃতি দুর্গাৰ পৰা উৎপন্ন হোৱা তিনিশুনে (বজগুণ-ব্রহ্মা, সতগুণ-বিষ্ণু আৰু তমগুণ-

শিৱ) জীৱক কৰ্মৰ ভিত্তিত শৰীৰত বান্ধি ৰাখে।

এই প্রমাণ পঞ্চদশ অধ্যায়ৰ শ্লোক ১-৪ আৰু ১৬-১৭ ত দিয়া আছে।
গীতাৰ পঞ্চদশ অধ্যায়ৰ ১ নং শ্লোক:

উর্দ্ধমূলম, অধঃশাখম, অশ্বথম, প্রাহুঃ, অব্যয়ম

ছন্দাসি, য়স্য, পর্ণানি, যঃ তম্ বেদ, সঃ বেদবিত।। অনুবাদঃ (উর্দ্ধমূলম) ওপৰত পূৰ্ণ পৰমাত্মা আদি পুৰুষ ৰূপী শিপা থকা (অধঃশাখম) ওলত তিনি গুণ অর্থাৎ ৰজণ্ডণ ব্রহ্ম, সতগুণ বিষ্ণু আৰু তমগুণ শিৱ ৰূপী শাখা থকা (অব্যয়ম) অবিনাশী (অশ্বথম) বিস্তাৰিত আঁহতৰ গছ আছে, (য়স্য) যাৰ (ছন্দাসি) বেদত ছন্দ থকাৰ দবে এই সংসাৰ ৰূপী বৃক্ষৰো সৰু-সৰু বিভাগ-ডাল আৰু (পর্ণানি) পাত (প্রাহু) আছে বুলি কোৱা হৈছে, (তম) সেই সংসাৰ ৰূপী বৃক্ষক (যঃ) যিজনে (বেদ) বিস্তাৰিত ভাৱে জানে (সঃ) সেইজন (বেদবিত) পূর্ণজ্ঞানী অর্থাৎ তত্বদর্শী সন্ত।

156

গীতাৰ পঞ্চদশ অধ্যায়ৰ ২ নং শ্লোক-

অধঃ, চ, ঊর্দ্ধম, প্রসূতাঃ, তস্য, শাখা: গুণ প্রবৃদ্ধাঃ বিষয় প্রবালাঃ, অধঃ, চ, মূলানি, অনুসন্ততানি, কর্মানুবন্ধীনি, মনুষ্যলোকে।।

অনুবাদঃ (তস্য) সেই বৃক্ষৰ (অধঃ) তলৰফালে (চ) আৰু (উর্দ্ধম) ওপৰফালে (গুণ প্ৰবৃদ্ধা) তিনিগুণ ব্ৰহ্মা-ৰজগুণ, বিষ্ণু সতগুণ, শির-তমগুণ ৰূপী (প্রসূতা) বিস্তাৰিত হোৱা (বিষয় প্রৱালা) বিকাৰ কাম, ক্রোধ, মোহ, লোভ, অহঙ্কাৰ ৰূপী কলি (শাখা) ডাল সদৃশ ব্রহ্মা, বিষ্ণু, শির (ক্রমানুবন্ধীনি) জীৱক কর্ম বন্ধনত বান্ধি ৰখা (মূলানি) শিপা অর্থাৎ মুখ্য কাৰণ হয়, (চ) আৰু (মনুষ্যলোকে) মনুষ্যলোক অর্থাৎ পৃথিবী লোকত (অধঃ) তলত নবুক, চৌৰাখী লাখ, যোনিত (ঊর্দ্ধম) উপৰত স্বর্গলোক আদিত (অনুসন্ত তানি) এই কর্ম বন্ধনৰ জাল ব্যৱস্থিত কৰি থোৱা আছে।

গীতা পঞ্চদশ অধ্যায়ৰ শ্লোক নং ৩

ন, ৰূপম্ অস্য, ইহ, তথা, উপলভ্যতে, ন, অন্তঃ ন, চ, আদিঃ ন, চ, সম্প্রতিষ্ঠা, অস্বথম, এনম্ সুবিৰুড় মূলম, অসঙ্গ শস্ত্রেণ, দৃটেন, ছিত্বা।।

অনুবাদঃ (অস্য) এই ৰছনাৰ (আদিঃ) আৰম্ভণিও (ন) নাই (চ) আৰু (অন্তঃ) অন্তও (ন) নাই, (তথা) তেনেকুৱা (ৰূপম) স্বৰূপ (ন, উপলভ্যতে) পোৱা নাযায়, (চ) আৰু (ইহ) ইয়াত বিবেচনা কৰোঁতে অর্থাৎ মোৰ দ্বাৰা প্ৰদান কৰি থকা গীতাৰ জ্ঞানত সম্পূর্ণ তথ্য মই (ন) দিব পৰা নাই, (সম্প্ৰতিষ্ঠা) কাৰণ সৰ্ব ব্ৰহ্মাণ্ডৰ ৰছনাৰ যথাযথ স্থিতিৰ জ্ঞান মোৰ নাই, (এনম) এই (সুবিৰুঢ়মূলম) স্থায়ী, স্থিৰ ৰূপত থকা, (অশ্বত্থম) দৃঢ়, শকত স্বৰূপ থকা সংসাৰ ৰূপী বৃক্ষৰ জ্ঞানক (অসংগ শস্ত্রেণ) পূর্ণ জ্ঞান ৰূপী (দৃঢ়েন) দৃঢ় সুক্ষ্ম বেদ অর্থাৎ
তত্বজ্ঞানৰ দ্বাৰা জানি লৈ, (ছিড়া) কাটি লৈ অর্থাৎ নিৰঞ্জনৰ ভক্তিক ক্ষণস্থায়ী অর্থাৎ ক্ষণভঙ্গুব বুলি জানি, ব্রহ্মা, বিষ্ণুং, শিব, ব্রহ্মা আৰু পৰব্ৰহ্মবো ওপৰত থকা পূর্ণ ব্ৰহ্মৰ অনুসন্ধান কৰিব লাগিব।

গীতাৰ পঞ্চদশ অধ্যায়ৰ ৪ নং শ্লোক-

ততঃ পদম্, তত্, পৰিমার্গিতব্যম, যস্মিন্, গতাঃ ন, নিবর্তান্তি ভুয়ঃ, তম্, এব, চ্ আদ্যম, পুরুষম্, প্রপদ্যে, যতঃ, প্রবৃতিঃ প্রসূতা, পুৰাণী।। অনুবাদঃ যেতিয়া তত্বদর্শী সন্ত পোৱা যায়, (ততঃ) তাৰ পিছত (তত্) সেই পৰমাত্মাৰ (পদম) পদ-স্থান অর্থাৎ সত্যলোক (পৰিমাৰ্গিতব্যম) ভালদৰে বিচাৰিব লাগিব (যস্মিন) যত (গতাঃ) যোৱা সাধক (ভূয়) আকৌ (ন, নিবতান্তি) উভতি সংসাৰলৈ নাহে (চ) আৰু (যতঃ) যিজনপৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মৰ পৰা (পুৰাণী) আদি (প্রকৃতি) বছনা সৃষ্টি (প্রসূতা) উৎপন্ন হল, (তম) অজ্ঞাত (আদ্যম) আদি যম অর্থাৎ মই কাল নিৰঞ্জন (পুৰুষম) পূৰ্ণ পৰমাত্মাৰ (এব) হে (প্ৰপদ্যে) শৰণত আছোঁ আৰু তেওঁৰেই পূজা কৰোঁ।

গীতা পঞ্চদশ অধ্যায়ৰ শ্লোক নং ১৬ ছৌ, ইমৌ, পুরুষৌ, লোকে, ক্ষৰঃ, অক্ষৰঃ, এব, চ, ক্ষৰঃ, সর্বাণি, ভূতানি, কুটস্থঃ, অক্ষৰঃ, উচ্যতে।।

অনুবাদঃ (লোকে) এই সংসাৰত (দ্বৌ) দুই ধৰণৰ (ক্ষৰঃ) নাশৱান (চ) আৰু (অক্ষৰ) অবিনাশী (পুৰুষৌ) ভগৱান আছে (এব) এনেদৰেই (ইমৌ) এই দুজন প্ৰভুৰ লোকত (সর্বাণি) সম্পূর্ণ (ভূতানি) প্রাণীৰ শৰীৰ (ক্ষবঃ) নাশৱান (চ) আৰু (কূটস্থঃ) জীৱাত্মা (অক্ষৰ) অবিনাশী (উচ্যতে) বুলি কোৱা হয়।

গীতা পঞ্চদশ অধ্যায়ৰ ১৭ নং শ্লোক উত্তমঃ, পুরুষঃ, তু, অন্যঃ, পৰমাত্মা, ইতি, উদাহৃতঃ,

যঃ লোকত্রয়ম, আবিশ্য, বিভর্তি অব্যয়ঃ, ইশ্বৰঃ।।

অনুবাদঃ (উত্তমঃ) উত্তম (পুৰুষঃ) প্রভু (তু, অন্যঃ) ওপৰোক্ত দুয়ো প্ৰভু “ক্ষৰ পুৰুষ তথা অক্ষৰ পুৰুষৰ পৰা বেলেগ আছে, (ইতি) এইজনক প্ৰকৃত (পৰমাত্মা) পৰমাত্মা (উদাহৃতঃ) বুলি কোৱা হয় (যঃ) যি জনে (লোকত্রয়ম) তিনিও লোকত (আবিশ্য) প্রবেশ কৰি (বিভর্তি) সকলোৰে পালন পোষণ কৰে আৰু এওঁৱেই (অব্যয়ঃ) অবিনাশী (ঈশ্বর) ঈশ্বৰ (প্ৰভুসকলৰ ভিতৰত শ্রেষ্ঠ অর্থাৎ সমর্থবাণ প্রভু) হয়।

সাৰাংশ: গীতা জ্ঞান দাতা প্রভুবে মাত্র এইটোহে কৈছে যে এই সংসাৰ ওলোটাকৈ
ওলমি থকা বৃক্ষৰ দৰে জানিবা। ওপৰৰ শিপা (মূল) পূর্ণ পৰমাত্মা হয়। তলৰ ভাল, শাখাডাল আদি অন্য বিভাগ বুলি জানিবা। এই সংসাৰ ৰূপী বৃক্ষৰ বিভিন্ন ভাগৰ বিৱৰণ যিজন সন্তই জানে সেইজন তত্বদর্শী সন্ত হয়, যাৰ বিষয়ে গীতাৰ চতুৰ্থ অধ্যায়ৰ ৩৪ নং শ্লোকত উল্লেখ কৰা হৈছে। পঞ্চদশ অধায়ৰ ২ আৰু ৩ নং শ্লোকত মাত্র ইমানেই কৈছে যে সেই বৃক্ষৰ তিনিগুণ ৰূপী শাখা (ডাল) আছে। মোৰ বিবেচনাৰে অৰ্থাৎ গীতাত মই (গীতা জ্ঞান দাতা) আপোনাক সম্পূর্ণ তথ্য দিব নোৱাৰোঁ কাৰণ এই সংসাব বছনাৰ আদ্যোপান্ত জ্ঞান মোৰ নাই। তাৰ বাবে চতুর্থ অধ্যায়ৰ ৩৪ নং শ্লোকত কৈছে যে কোনো তত্বদর্শী সন্তৰ পৰা সেই পূর্ণ পরমাত্মা সম্পর্কীয় জ্ঞান জানি লবা। পঞ্চদশ অধ্যায়ৰ ১ নং শ্লোকত সেই তত্বদর্শী সন্ত সর্ম্পকে কৈছে যে তেওঁ সংসাৰ ৰূপী বৃক্ষৰ প্রতিটো বিভাগৰ জ্ঞান দিব, সন্তজনক সুধি লবা। গীতাৰ পঞ্চদশ অধ্যায়ৰ ৪ নং শ্লোকত কৈছে যে সেই তত্বদর্শী সন্তক লগ পোৱাৰ পিছত সেই পৰমপদ পৰমেশ্বৰক বিচাৰিব লাগিব অর্থাৎ সেই তত্বদর্শী সন্তই দিয়া জ্ঞান অনুসৰি সাধনা কৰিব লাগিব যাৰ দ্বাৰা পূৰ্ণ মোক্ষ (অনাদি মোক্ষ) লাভ হব। পঞ্চদশ অধ্যায়ৰ ১৬ আৰু ১৭ নং শ্লোকত স্পষ্ট কৰা হৈছে যে তিনিজন প্ৰভু আছে, ক্ষৰপুৰুষ অক্ষৰ পুৰুষ, পৰম অক্ষৰ ব্ৰহ্ম। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ প্ৰকৃততে অবিনাশী নহয়। অবিনাশী পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্মা, পৰম অক্ষৰ পুৰুষ তিনিও লোকত প্রবেশ কৰি সকলোবে পালন-পোষণ কবে।

ওপৰত উল্লেখ কৰা হৈছে যে গীতাৰ পঞ্চদশ অধ্যায়ৰ ১-৪ আৰু ১৬-১৭ নং শ্লোকত প্রমাণিত হৈছে যে ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষৰ মূল অর্থাৎ শিপা হ’ল পৰম অক্ষৰ ব্ৰহ্ম অর্থাৎ পূর্ণ ব্ৰহ্ম যাৰ দ্বাৰা সম্পূর্ণ বৃক্ষৰ পালন পোষণ হয় আৰু বৃক্ষৰ যি অংশ পৃথিৱীৰ পৰা বাহিৰত মাটিৰ ওপৰত দেখা পোৱা যায় সেইটো গা-গছ হয়। এই গা-গছ অংশ অক্ষৰ পুৰুষ অর্থাৎ পৰব্ৰহ্মবুলি জানিব। গা-গছৰ আৰু ওপৰলৈ গৈ শকত ডাল ওলায় এই শকত ডাল এটাক ব্রহ্ম অর্থাৎ ক্ষৰ পুৰুষ বুলি জানিব আৰু সেই ডালৰ পৰা অন্য তিনিটা শাখা ডালি ওলাইছে সেই বোৰক ক্রমে ব্রহ্মা, বিষ্ণু আৰু শিৱ বুলি জানিব তথা শাখাৰ পৰা ঠাঁল ঠেঙুলি আৰু পাত ৰূপত সাংসাৰিক প্ৰাণী বুলি জানিব। উপৰোক্ত পঞ্চদশ অধ্যায়ৰ ১৬-১৭ নং শ্লোকত স্পষ্ট হৈছে যে ক্ষৰ পুৰুষ (ব্রহ্ম) আৰু অক্ষৰ পুৰুষ (পৰ ব্ৰহ্ম) লগতে এই দুয়োৰো লোকত যিমান প্রাণী আছে তেওঁলোকৰ স্কুল শৰীৰ নাশৱান হয় আৰু জীৱাত্মা অবিনাশী হয় অর্থাৎ ওপৰোক্ত দুয়ো প্রভু আৰু এওঁলোকৰ অন্তৰ্গত সকলো প্রাণী বিনাশী হয়। অক্ষৰ পুৰুষ (পৰব্ৰহ্ম) ক অবিনাশী বুলি কোৱা হৈছে, কিন্তু প্রকৃততে অবিনাশী পৰমাত্মা
ক্ষৰ আৰু অক্ষৰ পুৰুষত কৈ সম্পূর্ণ বেলেগ হয়। সেই পৰম অক্ষৰ ব্ৰহ্মাই অর্থাৎ পূর্ণ ব্ৰহ্মই তিনিওলোকত প্রবেশ কৰি সকলোৰে পালন পোষণ কৰে। ওপৰোক্ত বিৱৰণত তিনিওজন প্ৰভুৰ বেলেগে-বেলেগে সম্পূর্ণ বিৱৰণ দিয়া হ’ল।

আছে। সৃষ্টি বছনাৰ প্ৰমাণ পবিত্র বাইবেল আৰু পবিত্ৰ কোৰাণ শ্বৰীফত লিপিবদ্ধ কৰা

“পবিত্র বাইবেল তথা পবিত্র কোৰাণ শ্বৰীফত সৃষ্টি বছনাৰ প্ৰমাণ”

কোৰাণ শ্বৰীফত পবিত্র বাইবেলৰো জ্ঞান আছে, এই কাৰণে এই দুয়োখন সদগ্ৰন্থই সৃষ্টি কর্তা কোন, কেনেকুৱা আৰু তেওঁৰ প্ৰকৃত নাম কি এই সম্পকে একে ধৰণৰ প্ৰমাণ দাঙি ধৰিছে।

পবিত্র বাইবেল (উৎপত্তি গ্ৰন্থৰ পৃষ্ঠা ২, অধ্যায় ১:২০-২ঃ৫)

ষষ্ঠদিনা:- প্রাণী আৰু মনুষ্য:-

অন্য প্রাণী বিলাকৰ সৃষ্টি কৰি ২৬. আকৌ পৰমেশ্বৰে কলে যে তেওঁ মানুহক তেওঁৰ নিজৰ স্বৰূপৰ লগত সাদৃশ্য ৰাখি উৎপত্তি কৰিব, যি মানুহে সকলো প্রাণীক নিজৰ অধীনত ৰাখিব। ২৭ তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপত উৎপন্ন কৰিলে, নৰ আৰু নাৰী হিচাপে মানুহৰ সৃষ্টি কৰিলে।

২৯. প্ৰভূবে মানুহৰ আহাৰৰ বাবে বীজ থকা (গুটি থকা) সৰু গছ আৰু গুটি থকা ফলৰ গছ প্ৰদান কৰিলে (মাংস খাবলৈ কোৱা নাই)

কৰিলে। পৰমেশ্বৰে ছয় দিনত সকলো সৃষ্টিৰ উৎপত্তি কৰিলে আৰু সপ্তম দিনত বিশ্রাম

সপ্তম দিনঃ বিশ্রামৰ দিন।

পবিত্র বাইবেলে সিদ্ধ কৰি দিলে যে পৰমাত্মাৰ শৰীৰ মানুহৰ শৰীৰ নিচিনা, যি

জনে ছয় দিনত সকলো সৃষ্টিৰ ৰছনা কৰিলে আৰু বিশ্রাম কৰিলে।

।।৫২।। আয়ত ৫২ঃ- ফলা তুতিয়ল – কাফিৰণৱ জহিদহুম বিহী জিহাদন কবীৰা (কবীৰন)

“পবিত্ৰ কোৰাণ শ্বৰীফ (সুৰত ফুৰ্কানি ২৫, আয়ত নং ৫২,৫৮,৫৯)

ইয়াৰ ভাৱাৰ্থ এইটো ঃ- হজৰত মহম্মদৰ খুদাই (প্রভু) কৈ আছে যে- হে পয়গম্ববঙ্গ আপুনি কাফিৰ সকলৰ (এক প্ৰভুৰ ভক্তি এৰি অন্য দেৱ দেৱীৰ মুৰ্ত্তিৰ পূজা কৰা সকল) কথা নেমানিব, কাৰণ তেওঁলোকে কবীৰক পূর্ণ পৰমাত্মা বুলি মানি লোৱা নাই। আপুনি মোৰ দ্বাৰা
এই কোৰাণ শ্বৰীফত দিয়া জ্ঞানৰ আধাৰত সম্পূর্ণ ভাবে বিশ্বাস কৰিব যে কবীৰ পূৰ্ণ ভগৱান হয়, আৰু কৰীৰ আল্লাহৰ বাবে সংঘৰ্ষ কৰিব (কাজিয়া নকৰিব) অর্থাৎ কবীৰ পূৰ্ণ প্ৰভু হয় বুলি বিশ্বাস কৰিব, অন্য কাৰো, কোনো কথা নুশুনিব।

আয়ত ৫৮:- ব তবক্কল তলল- হঝি ল্লজী লা যমৃতু র সব্বিহ বিহমদিহী ব কফা বিহী বিজুনুবি অিবাদিহী খবীৰা (কবীৰা) ।। ৫৮।।

ভাবার্থঃ- হজৰত মহম্মদে যি জনক নিজৰ প্ৰভু মানি লৈছে সেইজন আল্লাই (প্রভুবে) অন্য বেলেগ পূর্ণ প্রভুৰ ফালে ইঙ্গিত দি কৈছে হে পয়গম্বৰঙ্গ সেই কবীৰ পৰমাত্মাব ওপৰত বিশ্বাস কৰা যি জনে জিন্দা মহত্মাৰ ৰূপত আহি তোমাক লগ ধৰিছিল। তেওঁৰ কেতিয়াও মৃত্যু নহয় অর্থাৎ তেওঁহে প্রকৃততে অবিনাশী। তেওঁক প্রসংশা কৰি তেওঁৰ পবিত্র মহিমাৰ গুনাণু কীৰ্ত্তন কৰি যোৱা, সেইজন কবীৰ আল্লা (প্রভু) কবিদের পূজনীয় হয় আৰু নিজৰ উপাসক সকলৰ সকেেলা পাপ বিনাশ কৰি দিব।

আয়ত ৫৯:- অল্লজী খলক চ্চমারতি বলঅর্জ’র মা বৈনহুমা ফী সিত্ততি অয়্যামিন সুম্মম্ভবা অললঅর্শি অর্থহমানু ফসঅল বিহী খবীৰণ (কবীৰণ)।।৫৯।।

ভাবার্থ:- কোৰাণ শ্বৰীফৰ জ্ঞান দাতা প্রভু (আল্লাহ) য়ে হজৰত মহম্মদক কৈ আছে যে এইজন কবীৰ প্ৰভু সেইজনেই হয় যি জনে পৃথিৱী আৰু আকাশৰ মাজৰ সকলো সৃষ্টি ছয় দিনত কৰি সপ্তম দিনত ওপৰৰ নিজৰ সত্যলোকৰ সিংহাসনত বিৰাজমান হ’ল (বহিল) তেওঁৰ বিষয়ৰ তথ্য কোনোবা তত্বদর্শী সন্ত (বাখবৰ) ৰ পৰা জানি লোৱা।

সেই পূৰ্ণ পৰমাত্মাৰ প্ৰাপ্তি কেনেকৈ হব তাৰ প্ৰকৃত জ্ঞান কোনোবা তত্বদর্শী সন্ত (বাখবৰ) ক সুধি লোৱা, মই (কোৰান শ্বৰীফৰ জ্ঞান দাতা) নাজানোঁ।

এতিয়া স্পষ্ট হ’ল যে দুয়ো পবিত্র ধর্ম (খৃষ্টান আৰু মুছলমান, ইচলাম) ৰ পবিত্র শাস্ত্রইও মিলিজুলি প্রমাণিত কৰি দিলে যে সকলো সৃষ্টিৰ ৰছনা কর্তা, সকলো পাপ বিনাশক, সর্ব শক্তিমান, অবিনাশী পৰমাত্মা মানৱ সদৃশ আকাৰত আছে আৰু সত্যলোকত থাকে। তেওঁৰ নাম কবীৰ হয়, তেওঁক আল্লাহু অকবিক বুলিও কোৱা হয়।

আদৰণীয় ধৰ্মদাসে পূজ্য কবীৰ প্ৰভুক কলে “হে সর্বশক্তিমানঙ্গ আজিলৈকে এই তত্ত্বজ্ঞান কোনেও নকলে, বেদৰ মৰ্ম গ্ৰাহী জ্ঞানী সকলেও নকলে। গতিকে এইটো নিশ্চিত যে চাৰিও পবিত্র বেদ আৰু চাৰিও পবিত্র কতেব (কোৰান শ্বৰীফআদি) মিছা হয়। তেতিয়া পূর্ণ পৰমাত্মাই কলে:-

“কবীব, বেদ কতেব ঝুঠে নহী ভাই, ঝুঠে হৈ জো সমঝে নাহি”।
চাৰিওটা পবিত্র কতেব (কোৰাণ শ্বৰীফ, জবুৰ, তৌৰাত, ইঞ্জিল) ব জ্ঞান মিছা (ভুল) নহয়। কিন্তু এই জ্ঞানক বুজি নোপোৱা সকলহে মুর্খ।

“পূজ্য কৰীৰ পৰমেশ্বৰ (কবিৰ দেৱ) ৰ অমৃত বাণীত সৃষ্টি ৰছনা”

বিশেষঃ নিম্ন অমৃত বাণী ১৪০৩ চনৰ পৰা (যেতিয়া পুজ্য কবীৰদেৱৰ (কবিৰ পৰমেশ্বৰ) লীলাময় শৰীৰত পাঁচ বছৰ বয়সৰ হৈছিল) ১৫১৮ (যেতিয়া কবীৰদেৱ (কবিৰ পৰমেশ্বৰ) মগহৰ নামৰ ঠাইত সশৰীৰে সত্যলোক গৈছিল) চনৰ মাজত প্রায় ছয়শ বছৰ পূৰ্বে পৰম পূজ্য কবিৰ পৰমেশ্বৰ (কবিদেৱ) ৰ দ্বাৰা নিজৰ সেৱক (দাস/ভক্ত) আদৰণীয় ধর্মদাসক শুনোৱা হৈছিল আৰু ভক্তিৰ ধনী ধৰ্মদাসে লিপিবদ্ধ কৰিছিল। কিন্তু সেই সময়ৰ পবিত্র হিন্দু আৰু পবিত্র মুছলমান ধৰ্মৰ বেঙা (মুর্খ) গুৰু সকলে কলে যে এই তাঁতী (কাপোৰ বোৱা জাতি) কবিৰে মিছা মাতিছে। কোনো সংগ্রন্থত ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ মা-দেউতাৰ নাম নাই। এই তিনিও প্রভু অবিনাশী, এওঁলোকৰ জন্ম মৃত্যু নহয়। পবিত্র বেদ আৰু পবিত্র কোৰাণ শ্বৰীফতো কবিৰ পৰমেশ্বৰ বুলি কোনো প্রমাণ নাই। পৰমাত্মাক নিৰাকাৰ বুলিহে লিখা আছে তেওঁলোকে আৰু কলে যে এই সৎগ্রন্থ বিলাক তেওঁলোকে সদায় অধ্যয়ণ কৰে। সহজসৰল আত্মা (মানুহ) সকলে সেই বিচক্ষণ (চতুৰ গুৰু) গুৰুৰ ওপৰত বিশ্বাস কৰি ভাবিলে যে এই কবিৰ তাঁতী সঁচাকৈয়ে অশিক্ষিত আৰু গুৰুসকল শিক্ষিত হয়, এওঁলোকে নিশ্চয় সত্য কথাই কৈছে। আজি সেই সত্য পোহৰলৈ আহিব ধৰিছে আৰু আমাৰ সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ সদগ্ৰন্থ তাৰ সাক্ষী ৰূপত আজিও বিদ্যমান, গতিকে এইটো সিদ্ধ হল যে পূৰ্ণ পৰমেশ্বৰ, সকলো সৃষ্টিৰ ৰছনা কর্তা, কুলৰ মালিক আৰু সৰ্বজ্ঞ হল কবিদেব (কবিৰ পৰমেশ্বৰ) যিজন কাশী (বেনাৰস) ত পদুম ফুলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ১২০ বছৰলৈকে বাস্তৱিক তেজোময় শৰীৰৰ ওপৰত কম আভাযুক্ত মানৱ সদৃশ শৰীৰত আছিল আৰু নিজৰ দ্বাৰা ৰছনা কৰা সৃষ্টিৰ যথাযথ (বাস্তৱিক তত্ব) জ্ঞান দিয়াৰ পিছত সশৰীৰে সত্যলোকলৈ গৈছিল।

Leave a Comment