পাঁচতৰাই আকাশত উৰিছে ওখত

গংগা বিচন চৌখানী স্কুলৰ শ্ৰেণীকোঠাত এজাক ল’ৰা-ছোৱালীৰ কোমল কণ্ঠত বাজি উঠা ৰেড্ চাইনাৰ প্রশস্তি বন্দনাৰ ঢৌ চৌদিশে বিয়পি পৰিছে। কমে কমে চলি থকা নাচ-গানৰ শব্দই স্কুল চৌহদত খলকনি তুলিছে।

মাকুমৰ গংগা বিচন চৌখানী হাইস্কুলৰ চৌহদ আজি উখল-মাখল। চীনা স্কুল ‘আছাম মাকাম হুৱাচিয়াও চিয়াও জুৱেজিয়াও’ আৰু ‘গংগা বিচন চৌখানী হাইস্কুল’ৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰতি বছৰে কৰি অহাৰ দৰে আজি ভাৰত-চীন মৈত্ৰীৰ চিনস্বৰূপে সাংস্কৃতিক অনুষ্ঠানৰ লগতে মুকলি সভাৰ আয়োজন কৰিছে। নিমন্ত্ৰণ কৰা হৈছে অঞ্চলৰ অনেক গণ্য-মান্য ব্যক্তিক।

ৰঙীন কাগজৰ ফিটা আৰু ফুলৰ লগতে সতেজ ফুলৰ থোপাৰে সজোৱা মঞ্চত চৌ এন লাই আৰু নেহৰুৰ দুখন ডাঙৰ ফটো ওচৰা-উচৰিকৈ থোৱা হৈছে। ছাত্র- ছাত্ৰীৰ অভিভাৱক আৰু অন্য মানুহেৰে উপচি পৰা ৰভাতলত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে কেইবাজনো স্থানীয় ৰাজনৈতিক নেতা, বানোৱাৰীলাল চৌখানী আৰু কেপিলী, হো য়িন কী, কে চি চাউ, হো চাং হো আদি চীনা সমাজৰ মুখিয়ালসকলো। তেওঁলোকৰ পিছফালে দুয়োখন স্কুলৰ ছাত্র-ছাত্রীবোৰ একেলগে বহি আছে। উৎসাহ আৰু আনন্দত টবগাই আছে ল’ৰা-ছোৱালীবোৰ। একেখন গাঁওযেন চহৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালী। অতি সহজ সম্পর্ক।

দুয়োখন স্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে একেলগে অভ্যাগতক আদৰা আৰু অনুষ্ঠানৰ অন্য আয়োজনত ব্যস্ত হৈ পৰিছে।

চীন আৰু ভাৰতৰ মিত্ৰতা উদ্যাপন কৰিবলৈ মন-প্রাণ ঢালি কামত লাগি থকা স্কুল দুখনৰ ছাত্ৰ-ছাত্ৰীবোৰে নাজানে চীন আৰু ভাৰত নামৰ দেশ দুখনৰ মাজৰ বন্ধুত্বৰ সম্পর্ক এতিয়া অসহজ হৈ পৰিছে। দুয়োখন দেশৰ অভিযোগ প্রতি-অভিযোগে লাহে লাহে ক্ষয় কৰি আনিছে শান্তিৰ বাতাবৰণ।

গেটৰ মুখত থিয় হৈ থকা জি বি চিৰ ক্লাছ টেনৰ আগৰণুৱা ছাত্ৰ অনন্ত বৰুৱাই তোৰণৰ সিকাষে থকা একে ক্লাছৰ আহলীনলৈ চাই আছে। আহ্লীনে তাক চাই থকা দেখিছে। লাজত বঙা-ছিঙা পৰি গৈছে আহলীন। লগৰ আলান, চিউ, মেইহাঙ আৰু
কৌশল্যাই তাইক কোনেও নেদেখাকৈ চিকুটিছে।

‘চা চা কেনেকৈ চাই আছে। সিফালে যা তই। বেচেৰাটো চট্‌ফটাই আছে।’

‘ধেৎ। জোকাই নাথাকিবিনা। চবে গম পাই যাব।’ আহলীনে লাহেকৈ ক’লে। ইস্-গম যেন কোনেও পোৱাই নাই। যেনেকৈ যোৰ পাতি থাক- গম পাবলৈ নাই বুজিছ? যা যা। তাৰ ওচৰলৈ যা।’ তাইক লাহেকৈ ঠেলি দি হাঁহি উঠিল মেইহাঙে। হাঁহি পেলালে আহলীনেও। সামৰি ৰাখিব নোৱৰা আৱেগত তাইৰ গাল- মুখ তেতিয়া ৰঙচুৱা হৈ পৰিছিল।

ভাৰত আৰু চীনৰ মাজত ঘটা সম্পৰ্কৰ অৱনতিয়ে ছাত্র-ছাত্রীসকলক চুব নোৱাৰিলেও ভালদৰেই চুই গৈছে ৰাজনৈতিকভাবে সচেতন মানুহবোৰক। চিন্তিত হৈ পৰিব ধৰিছে মানুহবোৰ। তেওঁলোকৰ কথা-বতৰাৰ মাজত আহি পৰিবলৈ ধৰিছে সীমান্তৰ প্ৰসংগ। সকলোতকৈ বেছি চিন্তিত হৈ পৰিছে ভাৰতত বাস কৰা চীনা আৰু চীনামূলীয় সমাজৰ সচেতন অংশটো।

ভাৰত-চীন সীমান্তৰ পূব আৰু পশ্চিম দুয়োটা খণ্ডত কিছুদিন ধৰি উত্তেজনা চলি আছে। দুয়োপক্ষৰ মাজত মাজে মাজে সীমাৰ বিষয়ক বাদ-প্রতিবাদৰ আনুষ্ঠানিক টোকাৰো বিনিময় হৈ আছে।

সীমান্তৰ ওপৰত দৃষ্টি ৰাখিবলৈ ঘূৰি ফুৰা দুয়োখন দেশৰ সশস্ত্র ‘পেট্রল পার্টি’বোৰৰ মাজত মাজে মাজে সৰু সৰু সংঘর্ষ, গুলীয়াগুলীৰ ঘটনা ঘটি আছে। বিশেষকৈ পূব খণ্ডত, ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল ‘নৰ্থ ইষ্ট ফ্রন্টিয়াৰ এজেন্সি’ৰ ‘কামেং ফ্রন্টিয়াৰ ডিভিজন’ৰ প্ৰান্তত, ভাৰত-চীন-ভূটানৰ সংগমস্থলৰ ওচৰত পৰিস্থিতি শান্তিপূর্ণ হৈ থকা নাই। ভাৰত আৰু চীনৰ মাজত দীর্ঘদিন ধৰি চলি থকা সীমা সংঘাতৰ উমি উমি জ্বলি থকা জুইকুৰা দন্দপীয়া জুইৰ সম্ভাৱনা প্রকট কৰি ধোঁৱাবলৈ আৰম্ভ কৰিছে।

তাৰেই প্রতিক্রিয়া হিচাপে ভাৰতৰ চীনা আৰু চীনামূলীয় সমাজখনলৈ নামি আহিছে অভাৱনীয় সংকট। সকলোতকৈ বেছি সমস্যাত পৰিছে অসম আৰু পশ্চিম বংগত বাস কৰা মানুহবোৰ।

ল’ৰা-ছোৱালীবোৰক লৈ আহিছে যদিও চীনা স্কুলৰ শিক্ষককেইজনৰ মনত সেয়ে আজি আনন্দ নাই। আটাইৰে মুখত চিন্তাৰ ছাঁ।

হঠাতে চীনামূলীয় সকলো মানুহৰ মুমেণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে স্থানীয় প্রশাসনে। নিজৰ ঠাই এৰি কোনো এতিয়া ক’লৈকো যাব নোৱাৰে। মাকুমতেই নহয়, অসমৰ চীনা বসতি থকা সকলোতে আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা।

আজি খবৰটো পোৱাৰ লগে লগে চীনা সমাজৰ প্ৰেছিডেন্ট হো চাং হোৱে ওচৰতে পোৱা মানুহখিনিক ক্লাবলৈ মাতি নিছিল। তাৰ পৰাই বাহিৰে বাহিৰে অনুষ্ঠান উপভোগ

কৰিবলৈ অহা মানুহবোৰে ৰভাতলীৰ একাষে একথুপ হৈ কথা পাতি আছিল। অতিথি আদৰিবলৈ এৰি লিং কুৱাং টুঙেও আলোচনাত যোগ দিলেগৈ। জোতাৰ দোকানী লাৱথিয়ান লীয়ে তেতিয়া চিন্তিত সুৰেৰে কৈ আছিল-

‘আভি হাম্লোগকা ক্যা হোগা? য়ে চীনা গৰ্মেন্ট ঠিক নেই কিয়া। জমিল্কা ঝগ্ৰা আচ্ছা বাত্ নেই হায়। কিয়া কৰেগা ঔব্‌ জমিন লেকে? তিবৃতো লে লিয়া না।’

‘চীনা গৰ্মেণ্টকো কাইকো ঠিক নেই কিয়া বোলা? চাইনা যো বাত্ বোলা ওইঠো ঠিক বাত্ নেই হায় তুমকো কেইসে মালুম?’ চি হুইয়ে সুধিলে।

‘এই চুপচুপ্। এই ৰকম বা মজ্বলো। চি আই ডি লোগ শুনেগা তো জেলমে ঘুচা দেগা।’ ভয়ে ভয়ে ক’লে জীৱন অভিজ্ঞ চি ফু হায়ে। ‘এই বুঢ়াঠো বহুত দৰ্পক।’ হাঁহি উঠিল হোৱাঙে।

‘চন্দু আপাক।’ আকাও হোৱে লাহেকৈ ক’লে।

সমস্যা পাহৰি হাঁহি উঠিল সকলোৱে। ক্লাবত শুনি অহা কথাবোৰে সকলোকে চিন্তিত কৰি তুলিলেও সেই চিন্তা গভীৰলৈ শিপোৱা নাই।

শিপাবনো কেনেকৈ!

সকলো যেনে আছিল তেনেকৈয়ে চলি আছে। ক’তো একো গণ্ডগোল হোৱা নাই। যুদ্ধৰ সামান্যতমো উমঘাম ক’তো নাই।

মাকুম শান্তিৰে ভৰা চহৰ। সাধাৰণ চুবি, ভাই-ককাইৰ মাজত সম্পত্তিৰ ভাগ লৈ কাজিয়া, ছোৱালী পলুৱাই নিয়া এইবোৰেই ইয়াত সাংঘাতিক ডাঙৰ ঘটনা। আঠজন লাঠীধাৰী চিপাহী আৰু এজন ছাব্‌-ইস্পেক্টৰে চলোৱা আউত্পাষ্ট এটাৰ নিয়ন্ত্রণত থকা এখন জটিলতাহীন চহৰ। চীনা বুলি নিজকে ইয়াত অনুভৱ কৰিব নোৱাৰি। এনে লাগে যেন যুগ যুগ ধৰি ইয়াতেই আছে তেওঁলোক। বহু যুগ আগৰ উপৰিপুৰুষৰ হাঁড় যেন পোত খাই আছে এই ঠাইৰ মাটিত।

মানুহবোৰৰ ওচৰলৈ চৌ চিয়ঙ আগবাঢ়ি আহিল।

‘আভি এইচর্ বাত্ মত্ কৰো। মুচকিল হোগা।’

মানুহবোৰক ৰভাতলীত বহিবলৈ পঠিয়াই চিন্তিত মুখেৰে উভতি আহিল চৌ চিয়ঙ। হোষ্টেলত থকা ল’ৰাবোৰৰ চিন্তাই তেওঁক তেতিয়া খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল। পূজাত স্কুল বন্ধ দি ল’ৰাবোৰক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিব পৰা হ’লে চিন্তা কিছু কমিলহেঁতেন। কিন্তু এতিয়া অভিভাৱকবোৰ আহিব পাৰিবনে নাই সন্দেহ

আছে। চি পি আইৰ স্থানীয় সংগঠনৰ এজন নেতৃস্থানীয় ব্যক্তি সোমাই আহিল। তেওঁক দেখি দুখোজ আগবাঢ়ি গ’ল চৌ চিয়ঙ। উৎসাহত জ্বলাই থকা মুখেৰে চৌ চিয়ঙৰ
নমস্কাৰৰ প্ৰত্যুত্তৰ দি মানুহজনে ক’লে-

‘বৰ ভাল লাগিছে আজি। যোৱা বছৰতকৈও আজি ডাঙৰকৈ পাতিছে দেখিছোঁ।’ চৌ চিয়ঙে হাঁহিলে। আহলীনহঁতে তেওঁক বিশিষ্ট অতিথিসকলৰ বাবে থোৱা আসনবোৰৰ ওচৰলৈ আদৰি লৈ গ’ল। ৰাজনৈতিক আলোচনাত মগ্ন হৈ থকা বিশিষ্ট অতিথিসকলে তেওঁৰ লগত সৌজন্য বিনিময় কৰি আকৌ আলোচনালৈ উভতি গ’ল। চি পি আইৰ নেতাজনে প্ৰসংগটো ধৰিব নোৱৰা দেখি প্রজা ছচিয়েলিষ্ট পাৰ্টিৰ নেতা এজনে ক’লে-

‘সীমান্তৰ কথা পাতি আছো। পৰিস্থিতি যিটো গতিত বেয়া হ’ব ধৰিছে যুদ্ধই লাগিব যেন পাইছোঁ।’

‘কেনেকৈ জানিলে?’ ছাত্ৰী এজনীয়ে আনি দিয়া বটাৰ পৰা তামোল এখন তুলি লৈ চি পি আইৰ নেতাজনে পি এছ পিৰ নেতাজনলৈ চালে।

‘দুয়ো পক্ষৰ সুৰ বদলিব ধৰিছে। চীনে কৈছে পৰিস্থিতিয়ে বোলে এতিয়া আটাইতকৈ ক্রিটিকেল পইন্ট পাইছে। ভাৰতে আক্ৰমণাত্মক কার্যকলাপ বৃদ্ধি কৰিছে কাৰণে বোলে চেডং এৰিয়াত যুদ্ধৰ জুই জ্বলি উঠিব পাৰে। ইফালে ভাৰত চৰকাৰেও কৈছে ভাৰতে ইমান দিন মাত্ৰ আত্মৰক্ষাৰ কাৰণেহে অস্ত্ৰ ব্যৱহাৰ কৰি আহিছিল। এইবাৰ কামাণ্ডাৰসকলক ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰা চীনা সৈন্যক বহিষ্কাৰ কৰাৰ নির্দেশ দিছে।’

‘ঠিক কৰিছে। ভাৰতৰ মাটি চীনে দখল কৰিব আৰু ভাৰত মনে মনে বহি থাকিব নেকি? এসেকা দিবহে লাগে সিহঁতক। তিবৃত দখল কৰাৰ পিছত দেশখনে গুরু- গোসাঁই নমনা হৈছে।’ কংগ্ৰেছৰ নেতা এজনে ক’লে।

চি পি আইৰ নেতাজন গম্ভীৰ হৈ গ’ল।

‘বাকীবোৰ দেশৰ লগত ভাৰতৰ সীমান্ত যিমান স্পষ্টকৈ ভাগ কৰা আছে চীনৰ লগত তেনেকৈ নাই। কোনখিনি ঠাই কোনফালে আছে সঠিককৈ কোৱা টান। ‘মেমোহন লাইন’ কন্ট্রভাৰ্ছিয়েল। চীনে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰা বুলি পোনে পোনে কৈ দিয়াটো সঠিক কথা নহয়।’

‘কিয় ঠিক নহ’ব হেৰি? আমাৰ চৰকাৰে কৈছে চীনে মাটি দখল কৰিছে। আমাৰ মতে সেইটোহে সঁচা। আন দেশে কি কৈছে সেইটো আমাক কেলেই লাগিছে।’ বিৰক্তিৰে ক’লে পি এছ পিৰ নেতাজনে।

আলোচনা উত্তপ্ত হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু সেই সময়তে উপস্থিত হ’ল স্থানীয় বিধায়ক ৰাধাকৃষ্ণ খেঙ্কা। সভাথলী ব্যস্ত হৈ পৰিল বিধায়কক আদৰাত। জি বি চিৰ প্ৰধান শিক্ষক গংগেশ্বৰ শৰ্মা আৰু চীনা স্কুলৰ প্ৰধান শিক্ষক চৌ চিয়ঙে তেওঁক আদৰণি জনোৱাৰ পিছত অনুষ্ঠান আৰম্ভ হ’ল। আদৰণী পর্ব আৰু উদ্দেশ্য ব্যাখ্যা শেষ হোৱাৰ পিছত অনন্ত বৰুৱা মাইকৰ সন্মুখলৈ আহিল।

চীনাপট্টিৰ প্ৰায় গাতে লগা জি বি চিৰ সভা আৰু সাংস্কৃতিক অনুষ্ঠান চাবলৈ চীনাপট্টি উঠি আহিছে। উঠি আহিছে ওচৰ-পাজৰৰ বেছিভাগ মানুহ। মাকুম বজাব প্রায় খালী।

‘আজি মাকুমৰ ছাত্ৰ সমাজৰ কাৰণে এটা বিশেষ দিন। ভাৰত-চীন মৈত্ৰীৰ চিন স্বৰূপে আজি অনুষ্ঠানৰ আৰম্ভণি কৰা হ’ব ভাৰত-চীন মৈত্ৰীক প্রতিফলিত কৰা এটা গীতেৰে। গীতটো পৰিৱেশন কৰিব ‘আছাম মাকাম হুৱাচিয়াও চিয়াও জুবেজিয়াও’ আৰু ‘গংগা বিচন চৌখানী হাইস্কুল’ৰ ছাত্ৰ-ছাত্ৰীসকলে। আছাম মাকাম হুৱাচিয়াও চিয়াও জুৱেজিয়াওৰ অৰ্থ হ’ল অসমৰ মাকামৰ অৰ্থাৎ মাকুমৰ প্ৰবাসী চীনাসকলৰ সৰু স্কুল।

অনন্ত গুচি যোৱাৰ লগে লগে মঞ্চত এশাৰী হৈ থিয় হ’লহি দুয়োখন স্কুলৰ এজাক ছাত্র-ছাত্রী। প্রথমতে মঞ্চৰ দুয়োফালৰ পৰা দুয়োখন দেশৰ দুখন পতাকা জোকাৰি জোকাৰি সোমাই আহিল দুশাৰী ছাত্র-ছাত্রী। মঞ্চত এপাক ঘূৰি আটাইবোৰ পিছফালে মিহলি হৈ থিয় হ’ল।

হিন্দী চিনী ভাই ভাই- চিনী হিন্দী ভাই ভাই- ‘চুং য়িন য়ু হাউ বান চয়। লং লিভ্ ইণ্ডিয়া চাইনা।’

এজাক ল’ৰা-ছোৱালীৰ সমৱেত কণ্ঠত প্রাণ পাই উঠা ভাৰত-চীন মৈত্ৰীৰ গানে গংগা বিচন চৌখানী হাইস্কুলৰ ৰভাতলী মুখৰিত কৰি তুলিলে। অলপ সময় গান শুনি সমুখত বহি থকা বিশিষ্ট অতিথিসকল ৰাজনৈতিক আলোচনাত মগ্ন হৈ পৰিল।

‘আমি ‘হিন্দী চিনী ভাই ভাই’ চিঞৰি আছো সিফালে চীনে আমাৰ মাটি অলপ অলপকৈ দখল কৰি আনিছে। এইবোৰ গাই বাই একো লাভ নাই। কিয় যে এইবোৰ অনুষ্ঠান এতিয়াও পাতি আছে বুজি নাপাওঁ। প্রথমতে বৰ্ডাৰৰ অৱস্থা ঠিক কৰ। তাৰ পিছত কিমান হিন্দী চিনী কৰ কৰি থাকিলেই হ’ল। নাই। কাণসাৰেই নাই চৰকাৰৰ।’ পি এছ পিৰ নেতাজনে শুনা-নুশুনাকৈ ক’লে।

‘হয় হে। যি দেখিছোঁ চৰকাৰে কথাবোৰ যিমান ছিৰিয়াছলি ল’ব লাগিছিল লোৱা নাই। ৰাইজক ‘চব ঠিক আছে ঠিক আছে’ বুলি কৈ আছে আৰু চীনলৈ প্রটেষ্ট নোট পঠিয়াই আছে। চীনৰ লগত বহ। আলোচনা কৰ। মেমোহন লাইন যদি ঠিক আছে চীনক যুক্তিৰে বুজাব পৰা নাই কিয়?’

‘ঠিক কৈছে আপুনি। চৰকাৰে কৈছিল অন্ততঃ নেফা সীমান্তত বোলে ভাৰতৰ ডিফেন্স একদম ঠিক আছে। ভাৰতীয় সৈন্য বাহিনীয়ে বোলে প্ৰতিৰক্ষাৰ অতি উৎকৃষ্ট ব্যৱস্থা গ্রহণ কৰিছে। এই সীমান্তত ভাৰতীয় বাহিনীৰ লগত সংঘর্ষত লিপ্ত নোহোৱাকৈ চীনা সৈন্যই বোলে অলপো আগবাঢ়িব নোৱাৰে। পিছে কি হ’ল?’
‘নেহৰুৰ কাৰণে এইবোৰ হ’বলৈ পাইছে। এখেতে এতিয়া কংগ্ৰেছৰ নেতা হিচাপে শুনিবলৈ বেয়া পাব কিন্তু সঁচা কথাটো ক’বই লাগিব। নেহৰুৱে চীনক বিশ্বাস কৰি ভুল কৰিলে।’

‘তেনেকৈ কিয় কয় হেবি? নেহৰুজীয়ে বিশ্বাস কৰিছে। তেওঁৰ মনত বেয়া ভাব নাই। চীনৰ মাটিৰ ওপৰত লোভো নাই। তেওঁ শান্তিপূর্ণ সহাবস্থানত বিশ্বাসী। তেওঁনো কি কৰিব লাগিছিল? চীনে অপকাৰ কৰিব বুলি ভাবি টোপনি খতি কৰি চীনৰফালে বন্দুক টোৱাই বহি থাকিব লাগিছিল নেকি?’ কংগ্ৰেছী নেতা ৰূপেশ্বৰ সোণোৱাল জাঙুৰ খাই উঠিল।

‘লাগিছিলতো। প্রধানমন্ত্রীয়ে চুবুৰীয়া দেশবোৰক ভাল ভাল বুলি এটা চকু মুদি থাকিব লাগে নেকি? শান্তিপূর্ণ সহাৱস্থান ঠিক আছে। চুবুৰীয়াৰ লগত ভালে থাকিব লাগে। সেইবুলি চুবুৰীয়াক বিশ্বাস কৰি জেওৰাকেইডাল ঠিকে আছেনে নাই সেইটোও নাচাবা নেকি? চুবুৰীয়াক জেওৰা ভাঙি সীমা ঠেলিবলৈ দিবা নেকি?’

‘দেখিছেনে প্ৰধানমন্ত্ৰীৰ কাম? দেশৰ সীমান্তত গণ্ডগোল লাগি আছে কিন্তু তেওঁ লণ্ডনত আছেগৈ।’

‘কি কৰিব? যাবতো লাগিবই। কমনৱেলথ প্রধানমন্ত্রী সম্মিলনলৈ নগ’লে কেনেকৈ হ’ব?’

‘সোণোৱাল ডাঙৰীয়াই ঠিকেই কৈছে। নেহৰু ভাৰতৰেই নেতা নহয় নহয়। তেওঁতো এছিয়াৰো নেতা। গোষ্ঠীহীনতাৰ বাট লোৱাৰ পিছততো তেওঁ গোটেই পৃথিৱীৰ ডাঙৰ নেতাবোৰৰ এজন হৈ পৰিছে। তেওঁ আমাৰ ঘৰৰ মানুহ যে, ক’ত মূল্য বুজিম।’

‘মূল্য নুবুজিম কিয়? তেওঁতো মাত্র কংগ্ৰেছ দলৰ নেতা নহয়, তেওঁ আমাৰ সকলোৰে নেতা। কিন্তু সেইবুলি ভুলটোও আঙুলিয়াই দেখুৱাব নোৱাৰিম নেকি? সঁচা কথাটোতো ক’বই লাগিব। তেওঁ লণ্ডনৰ সম্মিলনলৈ গৈছে ঠিক আছে। কিন্তু সেইখন শেষ হোৱাৰ পিছত তেওঁ এছিয়া আৰু আফ্রিকাৰ কেইখনমান ৰাষ্ট্ৰ ভ্ৰমণ কৰি দুসপ্তাহ পিছতহে উলটিব বোলে। তেওঁ এতিয়া দেশলৈ যিমান সোনকালে পাৰি উভতি আহিবহে লাগে। আহি চীনৰ বিৰুদ্ধে ব্যবস্থা ল’ব লাগে। তেতিয়াহে তেওঁক ঠিক নেতা বুলিব পাৰিম।’

‘এই কৃষ্ণমেননটো। সীমান্তৰ এই পৰিস্থিতিত তেৱোঁ গৈছে লণ্ডনলৈ। কয় কি- সীমান্তৰ পৰিস্থিতিত আতংকিত হ’বলগীয়া একো নাই। নহ’লে লণ্ডনলৈ নাহিলোহেঁতেন। আৰে- তহঁতৰ কি আতংকিত হ’বলগীয়া আছে? তহঁত থাক দিল্লীত। আৰামত। নেফাৰে চীনা সোমাই দিল্লী পাবলৈ বহুত দিন লাগি যাব। তহঁতৰ কি চিন্তা। হ’লে আমাৰ নেফা আৰু অসমৰ মানুহৰহে বিপদ হ’ব। আমাৰ মানুহহে
মৰিব। কয় কি- যথাযোগ্য পদক্ষেপ লোৱা হৈছে বোলে। কি যথাযোগ্য পদক্ষেপ তেওঁহে জানে। দেশতকৈ দেখোন বিদেশতহে বেছি থকা দেখো। আৰে সীমান্তত এইবোৰ ঘটি থাকোতে যদি প্রাইম্ মিনিষ্টাৰ, ডিফেন্স মিনিষ্টাৰ দুয়োজনেই দেশব বাহিৰত থাকে কেনেকৈ হ’বহে?’

‘সেইবোৰ বাদ দিয়ক। অসম চৰকাৰেনো কি কৰি আছে? অসমততো অসমীয়া মানুহেই মুখ্যমন্ত্রী হৈ আছে। বিমলা প্রসাদ চলিহাই দেখোন একো মাতেই মতা নাই। মাজে মাজে দুই-এটা দুর্বল বিবৃতি দি থকাহে দেখিছো। এনেকৈ কেন্দ্রীয় চৰকাৰৰ ক’ত গা ল’ৰাব পাৰিব।’

‘সেই কাৰণে হেম বৰুৱাৰ দৰে নেতা লাগে। হেম বৰুৱাই নেহৰুৰ মুখৰ আগত কৈ দিছে- চীনে আমাৰ মাটিত অনুপ্ৰৱেশ কৰাটো আমাৰ কাৰণে এক ৰাষ্ট্ৰীয় অপমান। প্রধানমন্ত্রীয়ে এই কথা যিমান সোনকালে উপলব্ধি কৰিব পাৰে সিমানেই তেওঁৰ কাৰণে আৰু দেশৰ কাৰণে মংগল। এনেকৈ যি কোনো মানুহে ক’ব নোৱাৰে দেই। তাকো নেহৰুৰ দৰে প্ৰধান মন্ত্ৰীৰ আগত। প্রজা ছচিয়েলিষ্ট পার্টিয়ে কিন্তু বিষয়টোত ভালকৈ লাগি আছে দেই।’

‘এতিয়া আছাম মাকাম হুৱাচিয়াও চিয়াও জুৱেজিয়াওৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব দলীয় নৃত্য।’

চীনা ছোৱালীৰ নাচ!

ৰাজনৈতিক আলোচনা এৰি লৰি-চৰি বহিল মানুহকেইজন।

এজাক ফুলাম ফ্রক পিন্ধা সৰু ছোৱালীয়ে হাতে হাতে বেলুনৰ থোপা লৈ মঞ্চলৈ নাচি নাচি সোমাই আহিল। ভৰিত মোজা আৰু পাম্প শু। মূৰত দুফালে ৰঙা ফিটাৰে ওখকৈ বন্ধা চুলি।

উজ্জ্বল আনন্দৰ সুৰ বাজিছে।

দুয়োহাত ওপৰলৈ দাঙি হাঁহি হাঁহি ছোৱালীবোৰে জঁপিয়াই জঁপিয়াই নাচিছে। মাইকত ভাঁহি আহিছে মঞ্চৰ ভিতৰৰ পৰা কৌশল্যা, আলান, চিউ, মেইহাঙ, আহলীনহঁতে গোৱা গান।

চৌ চিলে- চৌ চিলে- কুং টুৱালা

টয়ু কে, টা চা লেইয়া-

চৌয়া চৌয়া

হেই হেই।

চৌ য়ামা চৌ চিলে-

আনন্দৰ ঢৌ বাগৰি গৈছে মঞ্চৰ পৰা ৰভাতলীলৈ। ৰভাতলীৰ পৰা বাটলৈ ভৰি
থকা দৰ্শকৰ মনবোৰ ৰঙীন হৈ উঠিছে সুবিমল আনন্দেৰে।

এজাক সৰু ছোৱালীয়ে ৰঙীন বেলুন জোকাৰি জোকাৰি যেন চাৰিওফালে ছটিয়াই দিছে আনন্দৰ ৰঙবোৰ।

সমুখৰ শাৰীৰ মানুহবোৰ আকৌ ৰাজনৈতিক আলোচনাত ব্যস্ত হৈ পৰিল। ‘চীনে যে এইবোৰ কৰি আছে তাত এটা বহুত ডাঙৰ উদ্দেশ্য লুকাই আছে বুজিছে।’

‘কি নো?

চীনে আচলতে ভূটান, চিকিম, লাডাখ, নেপাল আৰু নেফা এই পাঁচখন ঠাই দখল কৰিব খুজিছে। এই ঠাইবিলাক বোলে চীনৰ তিবেতান হাতৰ এটা এটা আঙুলি। মানে তিবুত চীনৰ হাত আৰু এই পাঁচখন ঠাই তাৰে পাঁচটা আঙুলি। পেপাৰত লিখিছে দেখোন। পঢ়া নাই?’

‘এহ্ এইবোৰৰ প্ৰমাণ একো নাই। চীনৰ বেয়া মতলব থকা হ’লে আলোচনাৰ কথা নক’লেহেঁতেন। চীনে দেখোন কৈছেই কোনো পূর্বচর্ত নোহোৱাকৈ অহা মাহৰ পৰা দুয়ো পক্ষৰ বিষয়াৰ মাজত আলোচনা হ’ব লাগে। চীনে অযুক্তিকৰ একো কোৱা নাই কিন্তু।’ চি পি আইৰ নেতাজনে ক’লে।

‘অযুক্তিকৰ একো কোৱা নাই? চীনে যে কৈছে মীমাংসা নোহোৱালৈ উভয় পক্ষই বাৰ মাইললৈকে সীমান্তৰ পৰা পিছুৱাই যাব লাগে সেইটো যুক্তিৰ কথা বুলি আপুনি ক’ব খোজে নেকি? ভাৰতে কিয় পিছুৱাই আহিবহে? চীনে ইতিমধ্যে ভাৰতৰ মাটি দখল কৰি থৈছেই। বাৰ মাইল পিছুৱাই আহিবলৈ মান্তি হোৱা মানে চীনে দখল কৰি ৰখা মাটি চীনৰ বুলি মানি লোৱা।’

‘সেইবোৰ বাদ দিয়ক। আমাৰ কথা হ’ল সুৰক্ষা। সুৰক্ষা দিব নোৱাৰিলে স্বাধীন দেশত থাকি লাভ কি? কেন্দ্ৰীয় চৰকাৰে অসম আৰু নেফাক ভাৰতৰ অংগ নহয় বুলিয়েই ভাবি থাকে বোধহয়।’

‘সেইটোতো হয়েই। স্বাধীনতাৰ পিছত আমিনো কি পাইছো! আমাক সদায় কেন্দ্ৰই মাহী আইৰ চকুৰেই চাই আহিছে। অন্য কথাতো বাদেই আমি ভাষাৰ কাৰণেও আন্দোলন কৰিব লাগে। নেফাৰ সীমান্তৰ কথাই ভাবক, তাত ইমান বছৰ আছাম ৰাইফলহে আছিল। পেৰা মিলিটাৰী ফ’ৰ্ছক নেফাৰ সীমান্তৰ ৰখীয়া পাতি থৈছে। আনকি স্বাধীনতা পোৱাৰ ইমান বছৰ পিছতো সীমাটোকেই ভালদৰে চিন দি ল’ব পৰা নাই। অসম আৰু নেফাক ভাৰতৰ অংগ বুলি নাভাবে কাৰণেইতো।’

‘এতিয়া চীনা লোকগীত পৰিৱেশন কৰিব শ্রীমতী কৌশল্যা দত্তই।’

মেখেলা-চাদৰ পিন্ধি মঞ্চলৈ উঠিল কৌশল্যা। নমস্কাৰ জনাই আৰম্ভ কৰিলে- ‘এতিয়া মই যিটো গান গাম সেইটোক চীনৰ হাক্কা সম্প্ৰদায়ৰ পাহাৰৰ গীত বা ‘শ্বান কো’ বুলি কয়। পাহাৰৰ গীত বহুত থাকে। মই তাৰে এটা গাম।’
‘হেৰি- এটা কথা- আমাৰ ইয়াত থকা চীনাবোৰে কথাবোৰ গম পোৱা নাই নেকি?’

‘নাপাবও পাৰে। বেছিভাগ পঢ়া-শুনা নথকা, কাম কৰি খোৱা মানুহ। দুনিয়াত কি হৈ আছে খবৰ নাৰাখে।’

‘ক’ত আছে আপুনি? এইবোৰ নিবোকা মানুহক বুজিবলৈ বহুত বাকী আছে। সিহঁতে কলিকতাৰ পৰা অহা চীনা পেপাৰ পঢ়ে বুজিছে। ৰেডিঅ’ পিকিং শুনে। দেশৰ খবৰ ঠিকেই ৰাখে। নেদেখুৱায়হে।’

‘খবৰ ৰাখিব পাৰে, কিন্তু আপুনি যেনেকৈ কৈছে তেনেকুৱা নহয় দিয়ক। মোৰ ল’ৰাৰেই কেইবাজনো চীনা বন্ধু আছে। কোনোদিন একো বেয়া দেখা নাই। আপোনাৰ মোৰ ল’ৰা যেনেকুৱা, তেনেকুৱাই। চীনা বুলি বেলেগ একো নহয়।’

সমুখৰ শাৰীত ম্লান মুখেৰে বহি আছে চীনা সমাজৰ মুখিয়াল মানুহবোৰ। অবাঞ্ছিত ভাৱে কাণত আহি পৰা কথাবোৰে চিন্তিত মানুহবোৰৰ মনৰ কাঢ়ি লৈ গৈছে সহজ জীৱনৰ স্বস্তি।

‘গানটোত কি কৈছে জান?’ চিউবে ক’লে। ‘কি ক’চোন।’

‘ভালপাওঁ গাবলৈ পাহাৰৰ গান, ওঁঠ মেলাটোহে টান। ভাল লাগে খাবলৈ শুধবগা ভাত খেতি কৰিবলৈহে টান।’

‘আমাৰ দৰেই গাঁৱৰ গান দেখোন। আৰু কি গাইছে বুজাই দিবিচোন। তই চীনা ভাষা কেতিয়া শিকিলি?’ আলান আচৰিত হৈ গ’ল।

‘ক’ত শিকিলো? লী চাঙৰ মাকে গানটো শিকাওঁতে মানেতো বুজাই দিছে কাৰণে জানিছোঁ।’

কৌশল্যাই গাই গৈছে। চিউবে অর্থ ভাঙি গৈছে।

‘ওখ আৰু ধুনীয়া ছোৱালী এজনীক বিয়া কৰালো। তাই ৰন্ধা ভাতত ধোঁৱা ধোঁৱা গোন্ধ পালো। চাপৰ আৰু শকত ছোৱালী এজনীক তাৰ পিছত বিয়া কৰালো। তাই বন্ধা ভাতৰ গোন্ধ খুব ভাল পালো।’

‘ভালকৈ ভাত ৰান্ধিবা। নহ’লে চাপৰ আৰু শকত ছোৱালী লৈ আনিম। মজা পাবা।’ লাহেকৈ ক’লে অনন্তই।

প্রাণখুলি হাঁহি উঠিল ল’ৰা-ছোৱালীবোৰে। লাজত ৰঙা-ছিঙা পৰিলেও হাঁহি পেলালে আহলীনে।

এটা সময়ত নাচ-গান শেষ হ’ল। আৰম্ভ হ’ল বক্তৃতা। প্রথমতে উঠিল স্থানীয় বিধায়ক ৰাধাকৃষ্ণ খেঙ্কা।
‘আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বৰ আনন্দ লাগিছে। আমি ভাৰতবাসীয়ে পঞ্চশীলৰ নীতিত বিশ্বাস কৰো। আমি চুবুৰীয়াৰ লগত সম্ভাৱ ৰাখি চলিব বিচাৰো। এই সম্ভাৱনাৰ চিনস্বৰূপে আমি গাওঁ চীনী হিন্দী ভাই ভাই। আমি চিৰদিন এনেকৈ ভাই ভাইৰ দৰে বসবাস কৰিব বিচাৰো। কিন্তু দেশৰ স্বতন্ত্রতাত আঘাত কৰিবলৈ আহিলে আমি মনে মনে হাত সাৱটি বহি থাকিব নোৱাৰো। আজি চুবুৰীয়া চীন দেশে আমাৰ দেশৰ সীমা পাৰ হৈ আহি আমাৰ দেশৰ মাটি নিজৰ বুলি দাবী কৰিছে। আমাৰ নেতা মাননীয় প্রধানমন্ত্রী নেহৰুজীয়ে কৈছে এয়া সহ্য কৰা নহ’ব। চৌ এন-লায়ে…

‘কি কৈছে মানুহজনে?’ আগ-গুৰি একো নুবুজি আহ্হ্লীনে লাহেকৈ অনন্তক সুধিলে। ‘একো বুজা নাই। বাদ দিয়া না। আমি মুন কেক্ খাবলৈ কেতিয়া যাম?’

‘গ’লেই হ’ল। মানুহজনে কি কৈ আছে? আমাৰ কথা কৈছে নেকি?’

‘তুমি চীনা মানুহ নেকি? কোৱাচোন কোৱা চীনা ভাষাত মই তোমাক ভাল পাওঁ কেনেকৈ কয়?’

‘ধেৎ।’

‘কি ধেৎ? চীনা মানুহ যদি চীনা ভাষা নাজানিলে কেনেকৈ হ’ব? ময়োতো শিকিব লাগিব। নহ’লে পিছত ল’ৰা-ছোৱালীৰ লগত কেনেকৈ কথা পাতিম?’

‘মহা অসভ্য ল’ৰা। কথা নাপাতো যা। মই কেনেকৈ চীনা ভাষা জানিম? ঘৰততো আমি অসমীয়া কথা কওঁ। আমাৰ মাতো অসমীয়া।’

‘তেনেহ’লে? বাজে কথা ভাবি মূৰ গৰম কৰাৰ দৰকাৰ কি? ওচৰলৈ আহা,

কথা এটা কম।’

‘কি কথা?’ ৰঙচুৱা মুখেৰে লাহেকৈ সুধিলে আহলীনে।

‘ওচৰলৈ নাহা? ডাঙৰকৈ কওঁ?’

‘আহিছোঁ। আহিছোঁ। কোৱা।’ সচকিত হৈ ওচৰ চাপি আহিল আহ্লীন।

কৌতুকত উজ্জ্বল চকুৰে আহলীনলৈ চাই লাহেকৈ হাঁহি ক’লে অনন্তই-

‘বআইনি।’

‘তাৰ মানে কি?’ অবাক হৈ অনন্তৰ ফালে চালে আহ্লীনে।

‘মই তোমাক ভাল পাওঁ। চীনা ভাষা শিকি আছো। পিছত লাগিব নহয়।’

‘ধেৎ।’ ওচৰে-পাজৰে থকা ল’ৰা-ছোৱালীবোৰৰ কথা পাহৰি হাঁহি উঠিল আহলীনে।

ৰাধাকৃষ্ণ খেঙ্কাই তেতিয়া কৈ আছিল-

‘চৌ এন লায়ে বুজিব লাগিব। আমাৰ নেহৰুজীয়ে কৈছে আমি এতিয়াও চাইনাক বন্ধু বুলি ভাবোঁ। চীনী হিন্দী ভাই ভাই-

দীঘলীয়াকৈ বক্তৃতা দি হাতচাপৰিৰ শব্দৰ মাজেৰে নেতাজন মঞ্চৰপৰা নামি আহিল।

Leave a Comment