“জীবাত্মা কালৰ জালত কেনেকৈ বন্দী হল”

বিশেষ: ব্রহ্মই (জ্যোতি নিবঞ্জনে) তপস্যা কৰি থকা দেখি আমি সকলো আত্মা, যিসকল আজি জ্যোতি নিবঞ্জনৰ একৈশ ব্রহ্মাণ্ডত আছো তেওঁৰ সাধনার প্রতি আসক্ত হলোঁ আৰু হৃদয়ৰে সৈতে তেওঁক বিচাৰিবলৈ ধৰিলোঁ। নিজৰ সুখদাতা প্রভু সতা পুৰুষৰ পৰা বিমুখ হৈ গলো। পূর্ণ প্রভূৱে বাৰে বাৰে সাৱধান কৰি দিয়াৰ পিছতো ক্ষৰ পুৰুষৰ পৰা আমাৰ আসক্তি আঁতৰ নহল। (এই প্রভাৱ আজিও কাল সৃষ্টিত দেখা পোৱা যায়, যেনেঃ কিশোৰ
কিশোৰী সকলে কথা ছবিৰ অভিনেতা অভিনেত্ৰীৰ কৃত্রিম অভিনয়, ভাব-ভঙ্গী (জীবন নির্বাহৰ বাবে কৰা) ত বেয়া ধৰণে আসক্ত হৈ পৰে, বাধা দিলেও নামানে। যদি কোনো অভিনেতা অভিনেত্রী ওচৰৰ চহৰলৈ আহে, তেওঁলোকক চাবলৈ সেই নির্বোধ যুৱক-যুৱতী সকলে বহু সংখ্যাত আহি ভিৰ কৰে। নিজৰ মা-দেউতাৰ কষ্টো পাৰ্জিত ধন খৰছ কবে, লাভ হলে একো নাই, সময়ো অবাবত খৰছ হয়। অভিনেতা অভিনেত্রী সকলে জীবিকা উপার্জন কৰি আছে, লৰা-ছোৱালীবোৰৰ ধন কব নোৱৰাকৈ লুটি নি আছে। মা দেউতাই কিমান বুজনি দিয়ে, কিন্তু নুশুনে। কৰবাত কেনেবাকৈ লুকাই-চুৰকৈ হলেও যাবই।) পূর্ণ ব্রহ্ম কবিদেরে (কবীৰ প্ৰভৃ) ক্ষৰ পুৰুষৰ তপস্যা দেখি তেওঁক সুধিলে যে তেওঁ কি বিচাৰিছে। তেওঁ কলে, “পিতাদেউ, এই স্থান মোৰ বাবে কম হৈছে, অনুগ্ৰহ কৰি মোক সুকীয়াকৈ দ্বীপ প্ৰদান কৰক।” সতপুৰুষ কৰীৰ পৰমাত্মাই তেওঁক ২১ (একৈশ) টা ব্রহ্মাণ্ড প্রদান কৰিলে। কালান্তৰত (কিছু সময়ৰ অন্তৰালত) জ্যোতি নিবঞ্জনে ভাবিলে যে তাত কিবা নহয় কিবা ৰছনা কৰা উচিত হব। উদং ব্ৰহ্মাণ্ডৰ কাম কি? এই ভাবি আকৌ ৭০ যুগলৈকে তপস্যা কৰি পূৰ্ণ পৰমাত্মা কবিদেৱৰ (কবীৰ প্ৰভু) পৰা ৰছনাৰ বাবে সামগ্ৰী দিবলৈ প্ৰাৰ্থনা কৰিলে। সতপুৰুষে তেওঁক তিনি গুণ আৰু পাঁচ তত্ব দিলে যাৰ সহায়ত ব্ৰহ্মই (জ্যোতি নিৰঞ্জন) নিজৰ ব্ৰহ্মাণ্ডত কিছু বছনা কৰিলে। আকৌ ভাবিলে যে এই ব্রহ্মাণ্ডত কিছু জীৱও থাকিব লাগে, অকলে ভাল নালাগিল। এই চিন্তা কৰি ৬৪ (চৌষষ্ঠি) যুগলৈকে আকৌ তপস্যা কৰিলে। পূৰ্ণ পৰমাত্মা কবিদেরে সোধাত কলে যে তেওঁক কিছুমান আত্মা দিব লাগে, অকলে ভাল লগা নাই। তেতিয়া সতপুৰুষ কবিৰগ্নিয়ে (কবীৰ পৰমেশ্বৰ) কলে যে ব্ৰহ্মক, তেওঁৰ তপস্যাৰ প্ৰতিফল স্বরূপে আৰু ব্রহ্মাণ্ড দিব পাৰিব, কিন্তু তেখেতৰ আত্মাক কোনো জপ-তপ-সাধনাৰ প্ৰতিফল ৰূপে দিব নোৱাৰে। যদিহে কোনো আত্মা নিজ ইচ্ছাৰে যাব বিচাৰে যাব পাৰে। সমৰ্থ কবীৰৰ কথা শুনি জ্যোতি নিৰঞ্জন আমাৰ (আমি আত্মা যি বৰ্ত্তমান এই কালৰ লোকত আছো) ওচৰলৈ আহিল। আমি সকলো হংসাত্মা আগৰে পৰাই তেওঁৰ প্ৰতি আসক্ত হৈ পৰিছিলোঁ। আমি তেওঁৰ চাৰিওফালে তেওঁক বেৰি থিয় হলোঁ। জ্যোতি নিৰঞ্জনে কলে যে তেওঁ আছুতীয়াকৈ ২১ ব্ৰহ্মাণ্ড পিতাদেউৰ পৰা প্ৰাপ্তি কৰিছে। তাত নানা ধৰণৰ মনোমোহা স্থান আছে, তোমালোক মোৰ লগত যাবা নে? সকলো হংসই যি আজি একৈশ ব্ৰহ্মাণ্ডত প্ৰতাৰিত হৈ আছোঁ, কলো যে যদিহে পিতাদেউয়ে অনুমতি দিয়ে আমি যাবলৈ প্ৰস্তুত। তেতিয়া ক্ষৰ পুৰুষ পূৰ্ণ ব্ৰহ্মা মহান কবিৰ (সমৰ্থ কবীৰ প্ৰভুৰ) ওচৰলৈ গল আৰু সকলো কথা কলে। তেতিয়া কবিৰগ্নিয়ে কলে যে তেওঁৰ সন্মুখত স্বীকৃতি দিয়া সকলক যাবলৈ আজ্ঞা দিব। ক্ষৰ পুৰুষ আৰু পৰম
অক্ষৰ পুৰুষৰ দুয়ো সকলো হংসাত্মাৰ ওচৰলৈ গল। সৎ কবীৰদেৱ কলে যে যি সকল হংসাত্মাইব্রহ্মাৰ লগত যাব বিচাৰে তেওঁলোকে হাত দাপ্তি স্বীকৃতি দিব লাগে। নিজৰ পিতাদেউৰ সম্মুখত কাৰো সাহস নহল। কোনেও স্বীকৃতি নিদিলে। বহুত সময় নিস্তব্ধতাই ছানি ধৰিলে। তাৰ পিছত এটা হংসাত্মাই সাহস কৰি কলে যে তেওঁ যাব বিচাৰে। তাকে দেখি (যি সকল আজি কালৰ (ব্ৰহ্মৰ) একৈশ ব্রহ্মাণ্ডত বন্দী হৈ আছো) আমি সকলো হংসাত্মাই স্বীকৃতি দিলোঁ। পৰমেশ্বৰ কবীৰদেৱে জ্যোতি নিবঞ্জনক তেওঁৰ নিজৰ স্থানলৈ যাব কলে আৰু জনালে যে যি সকলে তেওঁৰ লগত যাবলৈ স্বীকৃতি দিছে কবীৰদেৱে সেই সকলো হংসাত্মাক ব্ৰহ্মৰ ওচৰলৈ পঠিয়াই দিব। তেতিয়ালৈকে জ্যোতি নিৰঞ্জনৰ নিজৰ একৈশ ব্ৰহ্মাণ্ড সত্যলোকত অৱস্থিত আছিল।

তাৰ পিছত পূৰ্ণ ব্ৰহ্মই প্রথমে স্বীকৃতি দিয়া হংসাত্মক ছোৱালীৰ ৰূপ দিলে কিন্তু স্ত্রী যোনি বছনা নকৰিলে আৰু সকলো আত্মাক (যিবিলাকে জ্যোতি নিৰঞ্জন (ব্রহ্মা) ৰ লগত যাবলৈ সন্মতি দিছিল) সেই ছোৱালীৰ শৰীৰত প্ৰৱেশ কৰাই দিলে, আৰু তাইৰ নাম অষ্টাঙ্গী (আদি মায়া/প্রকৃতি দেবী/দুর্গা) ৰাখিলে। সত্যপুৰুষে তাইক পুত্ৰী বুলি সম্বোধন কৰি কলে, তোমাক শব্দ শক্তি প্রদান কৰিছো আৰু ব্ৰহ্মই যিমান জীৱ বিচাৰে, সিমানেই জীৱ উৎপন্ন কৰি দিবলৈ অনুমতি দিলে। পূর্ণব্রহ্ম কবিৰ্দেরে (কবীৰ চাহেব) নিজৰ পুত্ৰ সহজ দাসৰ দ্বাৰা দুর্গাক জ্যোতি নিৰঞ্জনৰ ওচৰলৈ পঠালে। সহজ দাসেও কলে যে পিতাদেউয়ে এইজনী ভনীৰ শৰীৰত সেই সকলো আত্মাক প্ৰৱেশ কৰাই দিছে যি সকলে ব্ৰহ্মৰ লগত যাবলৈ সন্মতি দিছিল, লগতে তাইক বচন শক্তিও প্রদান কৰিছে। ব্রহ্মই যিমান জীৱ বিচাৰে প্রকৃতি দেৱীয়ে নিজৰ শব্দ শক্তিৰে উৎপন্ন কৰি দিব। এই বুলি কৈ সহজ দাস উভতি নিজৰ দ্বীপলৈ আহিল।

যুৱতী হোৱা কাৰণে ছোৱালীজনীৰ (প্রকৃতি দেৱীৰ) বং, ৰূপ চেহেৰা জিলিকি আছিল। ব্ৰহ্মৰ অন্তৰত বিষয় বাসনা (কাম ভাৱ) জাগ্রত হল আৰু প্ৰকৃতি দেবীৰ লগত অভদ্র আচৰণ কৰিবলৈ ধৰিলে। তেতিয়া দুর্গাই কলে যে তাইৰ লগত পিতাদেউয়ে (কবীৰ পৰমেশ্বৰে) প্ৰদান কৰা শব্দ শক্তি আছে। ব্রহ্মই যিমান জীৱ বিচাৰে তাই বচন শক্তিৰে উৎপন্ন কৰি দিব। দুগাই ব্ৰহ্মক মৈথুন পৰম্পৰা আৰম্ভ নকৰিবলৈ কলে। প্রকৃতি দেৱীয়ে ব্রহ্মক কলে যে ব্রহ্ম নিজে পৰম পিতাৰ শব্দৰ দ্বাৰা উৎপত্তি হৈছে আৰু পিছত মই উৎপন্ন হৈছো, সম্বন্ধত দুয়ো ককাই-ভণী, তেওঁলোকৰ মাজত মিলন মহাপাপৰ কাৰণ হব। কিন্তু জ্যোতি নিৰঞ্জনে প্রকৃতি দেৱীৰ কোনো কাকুতি মিনতি নুশুনিলে আৰু নখেৰে নিজ শব্দ শক্তিৰ দ্বাৰা
প্রকৃতি দেৱীৰ শৰীৰত স্ত্রী যোনি সংযোগ কৰি দিলে আৰু বলাৎকাৰ কৰিবলৈ মন মেলিলে। সেই সময়ত দুর্গাদেবীয়ে নিজৰ মান সম্মান ৰক্ষা কৰাৰ আন একো উপায় নেদেখি সুক্ষ্ম রূপ ধাৰণ কৰি জ্যোতি নিৰঞ্জনৰ মেল খাই থকা মুখেদি পেটলৈ প্রবেশ কৰি পূৰ্ণ ব্রহ্ম কবিবেক নিজৰ ৰক্ষাৰ্থে প্রার্থন। কৰিলে। সেই সময়তে কবিদের (কৰীৰ দেব) নিজৰ পুত্র যোগ সন্ত্যয়ন অর্থাৎ যোগজীতব রূপ ধাৰণ কবি তাত উপস্থিত হল আৰু কণ্যাক (দুর্গা) ব্ৰহ্মৰ পেটৰ পৰা বাহিৰলৈ উলিয়ালে আৰু জ্যোতি নিবন্ধনক কলে যে সিদিনাৰ পৰা তাৰ নাম কাল হব। তাৰ জন্ম মৃত্যু হৈ থাকিব। তাৰ বাবেই তাৰ নাম ক্ষৰ পুৰুষ হব আৰু এক লাখ মানৱ শৰীৰ ধাৰী প্রাণীক প্রতিদিনে খাব আৰু ১ লাখ ২৫ হেজাব উৎপন্ন কৰিব। এইবুলি কৈ কবীৰদেৱে দুয়োকে ২১ ব্রহ্মাণ্ডৰ সৈতে বহিষ্কার কবিলে। এনেকৈ কোৱা মাত্রকে একৈশ ব্রহ্মাণ্ড বিমানব দবে গতি কৰিলে। সহজ দাসৰ দ্বীপৰ কাষেৰে গৈ সতলোকৰ পৰা যোল শংখ কোস (এক কোস – ৩.২ কিঃ মিঃৰ হয়) দূৰত গৈ ব’ল।

বিশেষ বিববণঃ এতিয়া তিনি শক্তিব বিবরণ দিওঁ।

১। পূর্ণ ব্রহ্ম, যি জনক অন্য তুলনাত্মক নামেৰেও জনা যায়, যেনে সত্যপুরুষ, অকাল পুৰুষ, শব্দ স্বৰূপী ৰাম, পৰম অক্ষৰ ব্ৰহ্ম / পুরুষ আদি। এই পূর্ণব্রহ্ম অসংখ্য ব্ৰহ্মাণ্ডৰ গৰাকী আৰু অবিনাশী।

২। পৰব্ৰহ্মা, যি জনক অক্ষৰ পুৰুষ বুলিও কোৱা হয়। এইজন প্রকৃততে অবিনাশী নহয়। এইজন সাত শংখ ব্ৰহ্মাণ্ডৰ গৰাকী হয়।

৩। ব্রহ্ম, যিজনক জ্যোতি নিবন্ধন কাল, কৈল, ক্ষৰ পুৰুষ আৰু ধর্মবায় আদি নামেৰে জনা যায়। এওঁ মাত্র একৈশ ব্ৰহ্মাণ্ডৰ অধিকাৰী। ২১ ব্ৰহ্মাণ্ডৰ পৰিচয় দিয়া হব যত আৰু তিনিটা নাম পঢ়িবলৈ পাব, ব্রহ্মা, বিষ্ণু আৰু শিৱ।

ব্ৰহ্ম আৰু ব্ৰহ্মাৰ মাজত পার্থক্যঃ এটা ব্রহ্মাণ্ডত থকা সকলোতকৈ উচ্চতম স্থানত ব্ৰহ্মই (ক্ষৰ পুৰুষ) নিজে তিনিটা গোপন স্থান ৰছনা কৰি ব্ৰহ্মা, বিষ্ণু তথা শিৱৰ ৰূপত থাকে আৰু নিজৰ পত্নী প্রকৃতি (দুর্গা) ব সহযোগত তিনিজন পুত্ৰৰ উৎপত্তি কৰে।

তেওঁলোকৰ নামো ব্রহ্মা, বিষ্ণু আৰু শিৱ থলে। ব্রহ্মা, যি জন ব্ৰহ্মৰ পুত্র, এটা ব্রহ্মাণ্ডত কেৱল তিনিলোকব (পৃথিৱী, স্বৰ্গ আৰু পাতাল) ৰজণ্ডণ বিভাগৰ মন্ত্ৰী (গৰাকী) এইজন ব্রহ্মাক ত্রিলোকীয় ব্রহ্মা আৰু যি জন ব্রহ্ম ব্রহ্মলোকত ব্রহ্মারূপে থাকে তেওঁক মহাব্রহ্মা বা ব্রহ্মলোকীয় ব্রহ্মা বুলি কোৱা হয়। এইজন ব্রহ্মক (কাল) সদাশিৱ, মহাশির, মহাবিষ্ণুও কোৱা হয়।
শ্রী বিষ্ণু পুৰাণত প্রমাণ: শ্রীবিষ্ণু পুৰাণৰ চতুর্থ অংশৰ প্ৰথম অধ্যায়ৰ ২৩০-২৩১ পাঠাত শ্রীব্রহ্মাদেরে কৈছেঃ যি অজন্মা, সর্বময় বিধাতা পরমেশ্ববৰ আদি, মধ্য, অন্ত, স্বরূপ, বৃতাৱ আৰু সাৰ আমি জানিব নোৱাৰোঁ (শ্লোক ৮৩)

যি জনে মোৰ ৰূপ ধাৰণ কৰি সংসাৰ ৰচনা কৰে, স্থিতিৰ সময়ত যিজনে পুৰুষ ৰূপত থাকে আৰু যিজনে ৰুদ্ৰ ৰূপ লৈ বিশ্বক গ্রাস কৰে, অনন্ত ৰূপেৰে সম্পূৰ্ণ জগতক এৰণ কৰে (শ্লোক ৮৬)

"শ্রী ব্রহ্মাদেৱ, শ্রীবিষ্ণু দেৱ আৰু শ্রী শিৱদেৱৰ উৎপত্তি”

কালে (ব্রহ্ম) প্রকৃতি (দুর্গা) ক কলে যে এতিয়া কোনেও তাৰ একো হানি কৰিব নোৱাৰে। যি মন যায় কৰি যাব। প্রকৃতিয়ে আকৌ প্রার্থনা কৰিলে যে কালে মান-মর্যদাৰ প্ৰতি ধ্যান দিব লাগে কাৰণ লোক লাজ বোলা কথা এটাও আছে। প্রথম কথা হ’ল কাল প্রকৃতিৰ ককায়েক, কাৰণ সেই পূর্ণ পৰমাত্মা (কবিদের) ৰ বচন শক্তিৰে কণীৰ পৰা ব্ৰহ্মৰ উৎপত্তি হৈছে। দ্বিতীয়তে প্রকৃতি কালৰ পেটৰ পৰা ওলাইছে, কালৰ পুত্ৰী প্ৰকৃতি আৰু সেই সূত্রে কাল প্রকৃতিৰ পিতা। এনে পবিত্র সম্বন্ধত কালিমা সানিলে মহাপাপ হব। প্রকৃতিয়ে আকৌ কলে যে তাইৰ লগত পিতাদেউয়ে দিয়া শব্দ শক্তি আছে, কালে যিমান প্রাণী লাগে বুলি কব তাই উৎপন্ন কৰি দিব। জ্যোতি নিৰঞ্জনে দুৰ্গাৰ এটাও কথা নুশুনিলে আৰু কলে যে যি শাস্তি পাব লগা আছিল, পাই থৈছে। সত্যলোকৰ পৰা বহিস্কৃত হলোঁ। এতিয়া মই-মতালিবে চলিম। এই দৰে কৈ কাল পুৰুষে (ক্ষৰ পুৰুষ) প্ৰকৃতিৰ লগত শক্তি প্রয়োগ কৰি বিয়া পাতিলে আৰু তিনিওজন পুত্ৰ (ৰজগুণযুক্ত ব্রহ্মা, সতগুণ যুক্ত বিষ্ণু আৰু তমগুণ যুক্ত শিৱ) ব উৎপত্তি কৰিলে। ডেকা হোৱালৈকে তিনিও পুত্ৰক দুৰ্গাৰ হতুৱাই অচেতন কৰি থলে। জোৱান হোৱাৰ পিছত শ্রী ব্ৰহ্মাক পদুম ফুলৰ ওপৰত, শ্রীবিষ্ণুক শেষনাগৰ শৰ্যাৰ ওপৰত শিবক কৈলাশ পর্বতত ৰাখি তিনিওকে চেতন কৰিলে। তাৰ পিছত প্রকৃতি (দুর্গা) ৰ দ্বাৰা এওঁলোক তিনিওৰে বিবাহ পাতি দিয়া হল আৰু এটা ব্রহ্মাণ্ডৰ তিনিটা লোকত (স্বর্গ, পৃথিবী, পাতাল) এটা এটা বিভাগৰ মন্ত্ৰী (প্রভু) নিযুক্ত কবি দিয়ে। যেনেঃ শ্রী ব্রহ্মা দেৱক ৰজগুণ বিভাগৰ আৰু বিষ্ণু দেৱক সৎগুণ বিভাগৰ আকৌ শিৱক তমণ্ডণ বিভাগৰ মন্ত্ৰী নিযুক্ত কৰে। ব্রহ্ম নিজে গুপ্ত মহাব্রহ্মা-মহাবিষ্ণু-মহাশিৱ) ৰূপত মুখ্যমন্ত্ৰীৰ পদবীত থাকে। (এটা ব্রহ্মণ্ডত এটা ব্ৰহ্ম লোকৰ ৰছনা কৰা হৈছে। তাত তিনিটা গোপন ঠাই নির্মাণ কৰিলে। ইয়াৰে এটা স্থান ৰজগুণ প্রধান যত এই ব্রহ্ম (কাল) স্বয়ং মহাব্রহ্মা (মুখ্য মন্ত্রী) ৰূপত থাকে আৰু নিজৰ
পত্নী দুর্গকি মহাসাবিত্রী ৰূপত ৰাখে। এই দুইৰ মিলনৰ ফলত যি পুত্র এই স্থানত উৎপত্তি হয়। সেইজনা আপোনা আপুনি ৰজগুণী হৈ যায়। দ্বিতীয়তে মহাবিষ্ণু রূপত থাকে আক নিজয়ল পত্নী দুর্গাক মহালক্ষ্মী ৰূপত বাখি যি পুত্র উৎপন্ন কৰে তাৰ নাম বিষ্ণু থয়, সেইজন পুরাতা সতগুণ যুক্ত হয়। এই কালে তৃতীয় স্থান এটা তমগুণ প্রধান ক্ষেত্র বনায় তাত তেওঁ নিয়ে বল সদাশিৱ ৰূপত থাকে আৰু পত্নী দুর্গাক মহাপার্বতী ৰূপত থয়। এই দুইব পতিপত্নী ব্যবহাঝাব ফলত যি পুত্র উৎপন্ন হয় সেইজনৰ নাম শিৱ থয় আৰু তাক তমগুণ যুক্ত কৰি দিলে গুল (প্ৰমাণৰ বাবে চাওক) পবিত্র শ্রী শির মহাপুৰাণ, বিদ্যৱেশ্বৰ সংহিতা, ২৪-২৬ পৃষ্ঠা, যাত ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ তথা মহেশ্বৰৰ বাহিৰেও অন্য এজন সদা শিৱ আছে। ২) ৰুদ্র সংহিতা ৬, প স্কন্ধ ৯ অধ্যায়ত ১০০ পৰা ১০৫ আৰু ১১০ পৃষ্ঠাত যাৰ অনুবাদ কৰ্ত্তা শ্রী হনুমান প্রসান্তা পোদ্দাৰ, গীতা প্ৰেছ গোৰখ পুৰৰ পৰা প্ৰকাশিততে) পবিত্র শ্রীমদ দেবী মহাপুৰাণ, তৃতীয় পে স্কন্ধ, ১১৪ ৰ পৰা ১২৩ পৃষ্ঠা লৈকে, গীতা প্রেস গোৰখ পুৰৰ পৰা প্ৰকাশিত যাৰ অনুবা কৰ্ত্তা শ্রীহনুমান প্রসাদ-পোদ্দাৰ, চিমল লাল গোস্বামী)। আকৌ এওঁলোকক ছলনা কৰি নিজন আহাৰৰ বাবে শ্রীব্ৰহ্মাৰ দ্বাৰা জীৱৰ উৎপত্তি, শ্রীবিষ্ণুৰ দ্বাৰা স্থিতি (পৰস্পৰৰ মাজত মৰ স্নেহ উৎপন্ন কৰি কালৰ জালত বন্দীকৰা) আৰু শিৱৰ দ্বাৰা সংহাৰ কৰাৰ ব্যৱস্থা কৰে। কাৰ কাল পুৰুষ অভিশপ্ত হোৱাত এক লাখ মানৱ শৰীৰ ধাৰী প্ৰাণীৰ সুক্ষ্ম শৰীৰৰ পৰা মনি উলিয়াই খাব লাগে। তাৰ বাবে একবিংশতিতম ব্রহ্মাণ্ডত এটা অত্যন্ত তপত শিলাখণ্ড আে যিটো নিজে নিজেই সদায় গৰম হৈ থাকে। তাৰ ওপৰত জীৱ বোৰক থৈ গৰম কৰিলে মলি ওলাই আহে, কাল ব্রহ্মই সেই মলি খায়। জীৱৰ মৃত্যু নহয় কিন্তু অসহ্য কষ্ট ভোগ করে আকৌ প্রাণীবোৰক কৰ্ম অনুসৰি ভিন ভিন শৰীৰ প্ৰদান কৰে।

ওপৰত বৰ্ণনা কৰা তিনিটা গোপন ঠাইৰ প্ৰসংগ তলৰ উদাহৰণৰ দ্বাৰা স্পষ্ট  ধৰা হ’ল এটা ঘৰত তিনিটা কোঠা আছে। এটা কোঠা অশ্লীল ছবিৰে সজাই থোর আছে। তাত সোমাওঁতেই মনলৈ তেনেকুৱাই মলিন, অভদ্র ভাব উৎপন্ন হব। দ্বিতীয়টো কোঠা সাধু সন্ত ভকত আদিৰ ছবিৰে সজোৱা আছে। তালৈ গলে মনলৈ ভাল চিন্তা, ঈশ্ববর প্রতি ভক্তি আহে। তৃতীয়টো কোঠা দেশভক্ত আৰু শহীদ সকলব ছবিৰে সজাই থোৱা আছে এনে ছবিয়ে স্বাভাবিকতে তেনেকুৱাই বীবতা পূর্ণ দেশভক্তিৰ ভাব মনত উৎপন্ন কৰে। ঠিক এইদৰেই ব্রহ্মাই (কাল) নিজৰ বিচাৰ বুদ্ধিৰে ওপৰোক্ত তিনি গুণ প্রধান স্থানব বছনা করি থৈছে।
“প্ৰমাণৰ সৈতে তিনিগুণৰ ব্যাখ্যা”

তিনিগুণ ৰজগুণ ব্ৰহ্মাদের, সতগুণ বিষ্ণুদের, তমগুণ শিৱদেৱ হয়। এওঁলোক ব্রহ্ম (কাল) আৰু প্ৰকৃতি (দুর্গা) ৰ পৰা উৎপন্ন হৈছে আৰু তিনিও নাশৱান হয়। ১। প্রমাণঃ গীতা প্ৰেছ গোৰখ পুৰৰ পৰা প্ৰকাশিত শ্রী শিৱ মহাপুৰাণ, সম্পাদক শ্রী হনুমান প্রসাদ গোদ্দাৰ, ২৪-২৬ পৃষ্ঠাত থকা ‘বিদ্যৱেশ্বৰ সংহিতা’ আৰু অধ্যায় ৯ পৃষ্ঠা ১১০ ৰুদ্র সংহিতা ৰূপৰা উদ্ধৃত এইদৰে ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনিও দেৱতাত গুণ আছে, কিন্তু শির (ব্রহ্মকাল) ক গুনাতীত কোৱা হৈছে।

২। প্রমাণ: গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত শ্রীমদদেৱী ভাগৱত পুৰাণ, সম্পাদক শ্রী হনুমান প্রসাদ গোদ্দাৰ, চিমন লাল গোস্বামী, তৃতীয় স্কন্ধ, পঞ্চম অধ্যায় ১২৩ পৃষ্ঠাৰ পৰা উদ্ধৃত ভগৱান বিষ্ণুৱে দুৰ্গকি স্তুতি কৰি কলে, মই (বিষ্ণু) ব্রহ্মা আৰু শঙ্কৰ আপোনাৰ কৃপাতে বিদ্যমান। আমাৰ আবিৰ্ভাৱ (জন্ম) আৰু তিৰোভাৱ (মৃতু) হয়।

Leave a Comment